অসম

assam

ETV Bharat / videos

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড - Fire brigade rush to incident place

By

Published : Aug 23, 2022, 9:15 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত সমবাৰে সন্ধিয়া এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়(Fire at Kalgasia in Barpeta)। উক্ত গাঁওখনৰ তফিজ উদ্দিন নামৰ এজন লোকৰ ঘৰত থকা খেৰৰ পঁজাত সংঘটিত হয় এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত পঁজাটো ভস্মীভূত হয় যদিও কথমপি ৰক্ষা পৰে সমীপৰ কেইবাটাও ঘৰ । পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ(Fire brigade rush to incident place)লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । ইপিনে,উক্ত গাঁওখনৰ পথটো অতি সৰু হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সোমাব নোৱাৰাত সমস্য়াৰ সৃষ্টি হয় । সেয়েহে স্থানীয় ৰাইজে উক্ত পথটো বহল কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details