অসম

assam

fire at godown in rangia

ETV Bharat / videos

Rangia fire at godown: ৰঙিয়া বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড - Rangia fire at godown

By

Published : Jun 10, 2023, 10:57 PM IST

ৰঙিয়া, 10 জুন: ৰঙিয়া বালাগাঁৱত শনিবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । বালাগাঁৱৰ গমিৰ আলীৰ নামৰ লোকজনৰ বাসগৃহৰ সমীপতে থকা এটা প্লাষ্টিকৰ গুদামত প্ৰথমতে জুইৰ সূত্ৰপাত হয় (Rangia fire at godown)। পশ্চিম বংগৰ ব্যৱসায়ী আব্দুল হানিফে ভাড়া লোৱা গুদাম ঘৰটো জুয়ে আৱৰি ধৰে ৷ কাষতে থকা গুদামটোৰ স্বত্বাধিকাৰী আব্দুল হানিফে জুইৰ শিখা প্ৰত্যক্ষ কৰে । লগে লগে স্থানীয় ৰাইজ উপস্থিত হয় আৰু অঞ্চলটোত হুৱা-দুৱা লাগে । ৰাইজে ততালিকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । কিছু সময়ৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । কিন্তু অগ্নিকাণ্ডত গুদামৰ সকলো সামগ্ৰী জুইত জাহ যায় । গুদামটোৰ স্বত্বাধিকাৰীয়ে অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব দিছে । শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক:Priya Kumari accident : পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে প্ৰিয়াই

ABOUT THE AUTHOR

...view details