অসম

assam

অচিৰেই দুষ্ট চক্ৰক গ্ৰেপ্তাৰৰ দাবীত মুকালমুৱা থানাত এজাহাৰ দাখিল

ETV Bharat / videos

MLA Diganta Barman's Fake facebook account: অচিৰেই দুষ্ট চক্ৰক গ্ৰেপ্তাৰৰ দাবীত মুকালমুৱা থানাত এজাহাৰ দাখিল - মুকালমুৱা থানাত এজাহাৰ দাখিল

By

Published : Aug 4, 2023, 7:20 PM IST

নলবাৰী, 4 আগষ্ট : বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি ধন বিচৰাৰ খবৰ পোহৰলৈ অহাৰ পিচতে দুষ্ট চক্ৰক কৰায়ত্ত কৰাৰ দাবীত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জিলা কংগ্ৰেছ কৰ্মীয়ে ৷ কোনো দুষ্ট চক্ৰই বিধায়কজনৰ নামত ফেচবুকত ভুৱা একাউণ্ট চলাই বিভিন্নজনক মেছেজ কৰি ধন বিচাৰি থকা তথ্য ইতিমধ্যে বিধায়ক দিগন্ত বৰ্মনে নিজৰ সামাজিক মাধ্যম ফেচবুক যোগে অৱগত কৰে ৷ । দুষ্ট চক্ৰটোৱে কেইবাদিন ধৰি বিভিন্ন লোকক মেছেজ কৰি ধন বিচাৰি থকা বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে । 

ইতিমধ্যে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে বিধায়ক দিগন্ত বৰ্মনে সামাজিক মাধ্যমত তাৎক্ষণিক সতৰ্কতা অৱলম্বন কৰাৰ পিচতে বৰক্ষেত্ৰীৰ নলবাৰী জিলাৰ কংগ্ৰেছ কৰ্মীসকলে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। জনমানসত বিধায়কজনৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ উদ্দেশ্যে কোনোবা দুষ্ট চক্ৰই এইদৰে ভুৱা ফেচবুক একাউণ্ট চলোৱা বুলি কয় কংগ্ৰেছ কৰ্মীসকলে। অতিশীঘ্ৰে দুষ্ট চক্ৰটোক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাই কংগ্ৰেছ কৰ্মীসকলে।

লগতে পঢ়ক:Modi Surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details