অসম

assam

মেৰাপানীত ভুৱা পশু চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

By

Published : Aug 5, 2023, 7:53 PM IST

ETV Bharat / videos

Fake veterinary doctor: মেৰাপানীত ভুৱা পশু চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

মেৰাপানী,৫ আগষ্ট: মেৰাপানীত এইবাৰ আৰ্বিভাৱ হৈছে মুন্নাভাইৰূপী চিকিৎসকৰ । পিছে এইজন চিকিৎসক MBBS নহয় । তেওঁ ৰূপ ধাৰণ কৰিছে পশু চিকিৎসকৰহে । হাতত কেচি-কটাৰী লৈ তেওঁ ঘুৰি ফুৰে গাঁৱে গাঁৱে । গাঁৱৰ সহজ-সৰল লোকক নিজকে পশু চিকিৎসক বুলি পৰিচয় দি ধনৰ বিনিময়ত কৰে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ অথবা ছাগলী, গাহৰিৰ বন্ধ্যাকৰণ ।  

পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ । স্বয়ম্ভু পশু চিকিৎসক প্ৰতীম ঠেংগালৰ ভুল চিকিৎসাৰ বলি হৈ চাউদাংপথাৰ অঞ্চলত কেইবাটাও পৰিয়ালৰ গাহৰি, ছাগলীৰ মৃত্যু হোৱাত মেৰাপানী ৰাজ্যিক পশু চিকিৎসালয়ৰ কাষ চপাত ওলাই পৰিল জোলোঙাৰ মেকুৰী । গাঁৱৰ একাংশ লোকে প্ৰীতম ঠেংগালকে পশু চিকিৎসক বুলি ভাৱি অহা ভুলটো পোহৰলৈ আহিল চিকিৎসালয়ত ।  

ভূৱা চিকিৎসক প্ৰীতম ঠেংগালৰ বিৰুদ্ধে কেইবাজনো গো-পালকে অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিতে মেৰাপানী ৰাজ্যিক চিকিৎসালয়ৰ বিষয়া তথা চিকিৎসক ডাঃ শংকুৰাজ বৰাই ভুৱা চিকিৎসক প্ৰীতম ঠেংগালৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণসহ মেৰাপানী আৰক্ষী থানাত দাখিল কৰে গোচৰ । 

লগতে পঢ়ক:Theft at Dergaon Policeman Home: এইবাৰ আৰক্ষীৰ বাসগৃহতে চোৰৰ সিন্ধি

For All Latest Updates

ABOUT THE AUTHOR

...view details