অসম

assam

আকৌ ৰঙা ঘৰত জুমন বৰা

ETV Bharat / videos

FIR against Cinnamara Police : চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল

By

Published : Mar 10, 2023, 10:50 PM IST

যোৰহাট, 10 মাৰ্চ :যোৰহাটৰ চিনামৰা এজন যুৱক । নাম জুমন বৰা । যুৱকজনৰ বিৰুদ্ধে পূৰ্বে আছিল বহু গুৰুত্ব অভিযোগ ৷ পূৰ্বে আলফাৰ সন্দেহতো জেল হাজোতলৈ যাব লগা হৈছিল জুমুন বৰাৰ নামৰ যুৱকজন ৷ ফেচবুকত বিভিন্ন মন্তব্য তথা অন্যান্য পোষ্ট লিখিও ৰঙা ঘৰৰ আলহী হৈছিল জুমন বৰা নামৰ যুৱকজন ৷ কিন্তু এইবাৰ নিজৰ প্ৰেয়সী বাবে শিৰোনামাত যুৱকজন ।

শেহতীয়াকৈ প্ৰেয়সীৰ লগত সংঘাত হোৱাৰ বাবেই চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ৰৰঞ্জন বুঢ়াগোঁহাই আৰু এজন কনিষ্টবলে আটক কৰে ৷ লগতে যুৱকজনক থানালৈ আনি থানাৰ ভিতৰতে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ৷

লগতে বহু মিছা অভিযোগ আনি পুনৰ জেললৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ আনি জুমনৰ মাতৃ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে চিনামৰা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজনৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে (FIR against Cinnamara Police) ৷ অৱশ্যে এই ঘটনাৰ উচিত তদন্ত অন্তহে পোহৰলৈ আহিব সকলো তথ্য ৷

লগতে পঢ়ক :Congress Protest at Rangia : ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details