অসম

assam

এতিয়া সৰিয়হ ফুলাৰ বতৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 4:42 PM IST

ETV Bharat / videos

নীল আকাশৰ তলত হালধীয়া দলিচা

নলবাৰী, ২৬ ডিচেম্বৰ :এতিয়া সৰিয়হ ফুলাৰ বতৰ । নীল আকাশৰ তলত হালধীয়া দলিচা হৈ ফুলিছে ৰাজ্যৰ সৰিয়হৰ পথাৰকেইখন । নলবাৰীৰ বহু কৃষকে হালধীয়া সুগন্ধি ফুলৰ মাজত দেখিছে আশাৰ সপোন । কাতি মাহৰ নৈ-পৰীয়া শ-শ বিঘা কৃষিভূমিত কৃষকে চটিওৱা সৰিয়হৰ বীজ এতিয়া হালধীয়া হৈ ফুলিছে ।

এক নান্দনিক দৃশ্যৰে ভৰি পৰিছে নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ চতেমাৰীৰ শ-শ বিঘা কৃষিভূমি । গাঁওখনৰ কেবাজনো কৃষকে লগ হৈ ৬০০ বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি । সম্প্ৰতি সৰিয়হবোৰ ফুলি উঠাত আনন্দিত হৈ পৰিছে নৈ পৰীয়া খেতিয়কসকল । চকুৰে মনিব নোৱাৰা দূৰলৈকে দেখা গৈছে মাথোঁ হালধীয়া আৰু হালধীয়া ।

অইনবাৰতকৈ এইবাৰ সৰিয়হৰ খেতি ভাল হোৱাত যথেষ্ট সুখী হৈ পৰিছে খেতিয়কসকল । কিন্তু এই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো সহায় পোৱা নাই সৰিয়হ খেতিয়কসকলে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে খেতিয়কসকলে ৷

উল্লেখ্য যে, চতেমাৰীৰ এই বৃহৎ কৃষিভূমি হৈছে এক বানপীড়িত এলেকা । যাৰ বাবে এই অঞ্চলৰ খেতিয়কসকলে ধান খেতি কৰিব নোৱাৰে । সৰিয়হৰ উপৰিও মৰাপাট, ৰবি শস্য আদিৰ খেতি এই খৰালি কালত চপাই আহিছে চতেমাৰীৰ কৃষকসকলে ।

আনহাতে, খৰচ অনুযায়ী বজাৰত পূৰ্বতকৈ সৰিয়হৰ চাহিদা কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি সদৰী কৰে খেতিয়কসকলে । 

লগতে পঢ়ক :Agriculture revolution: গোমধানৰ খেতি কৰি আঢ়ৈ লাখ টকা উপাৰ্জনৰ লক্ষ্য বকলীয়াঘাটৰ দুই আদৰ্শ খেতিয়কৰ

ABOUT THE AUTHOR

...view details