অসম

assam

বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat / videos

কৃষিভিত্তিক জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ সকলোৱে মনোযোগ দিয়ক : অজন্তা নেওগ - আয়ুষ্মান ভাৰত কাৰ্ড

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 1:06 PM IST

গোলাঘাট, 15 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ অৰুণাচল গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগনত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এক সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে অংশগ্ৰহণ কৰে ।

লগতে এই সভাত জিলা আয়ুক্ত ড৹ পি উদয় প্ৰবীন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি বহু গণমান্য ব্যক্তি উপস্থিত থাকে । মন্ত্ৰী অজন্তা নেওগে সভাত ৰাইজক উদ্দেশ্যি কৃষিভিত্তিক জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ সকলোৱে মনোযোগ দিব লাগে বুলি মন্তব্য কৰে ।

লগতে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয় ৷ এই স্বাস্থ্য শিবিৰসমূহত অসংক্ৰমিত ৰোগ, যক্ষ্মা, হিম’গ্লবিন, এনিমিয়াৰ পৰীক্ষা আৰু স্বাস্থ্যজনিত পৰামৰ্শ প্ৰদান কৰা হয় ।

ইয়াৰ উপৰিও ৰাইজৰ হকে আয়ুষ্মান কাৰ্ডৰ লগতে E-KYC আদিৰ সুবিধা উপলব্ধ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিত সুৰাপান কৰিবলৈ গৈ বিপদ চপাই নল’ব

ABOUT THE AUTHOR

...view details