অসম

assam

লংকাত মহিলাৰ ফুটবল প্ৰতিযোগীতাৰ চূড়ান্ত মেচ

ETV Bharat / videos

Khelo India Khelo 2023: লংকাত মহিলাৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ - Final match of women football tournament in Lanka

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:05 AM IST

হোজাই, 24 ছেপ্টেম্বৰ :‘খেল ইণ্ডিয়া খেল’ৰ লংকা চেণ্টাৰত এজাক তৰুণ-তৰুনীক প্ৰশিক্ষণ দিয়া হৈছে ফুটবলৰ ৷ শনিবাৰে লংকা চেণ্টাৰত প্ৰশিক্ষণ দি থকা খেলসমূহৰ প্ৰশিক্ষণ প্ৰাপ্ত ল’ৰা আৰু ছোৱালীসকলৰ বিভিন্ন গ্ৰুপত প্ৰতিযোগিতা অনুষ্ঠিত হয়  ৷ শনিবাৰে নিৰ্বাচিত ছোৱালীসকলৰ ‘এ’ আৰু ‘বি’ গ্রুপ দুটা দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত ‘বি’ গ্ৰুপে 2-0 গ’লত জয়লাভ কৰে ৷  

আনহেত ‘‘খেল ইণ্ডিয়া খেল’’ৰ দ্বাৰা গাঁৱাৰ উঠি অহা প্ৰজন্মই যথেষ্ট সুবিধা পাব বুলি উল্লেখ কৰে হোজাই ‘‘খেল ইণ্ডিয়া খেল’’চেন্টাৰৰ খেল প্ৰশিক্ষক মোহন ছেত্ৰীয়ে ৷ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে খেলুৱৈসকলক আগবাঢ়ি যাবলৈ যি ব্যৱস্থা কৰিছে তাৰ জৰিয়তে দেশৰ গাঁও, নগৰ-চহৰৰ যুৱক-যুৱতীসকৰ খেলৰ প্ৰতি আগ্ৰহ বাঢ়িছে ৷ সেয়ে তেওঁলোকে খেল ইণ্ডিয়াৰ জৰিয়তে যি সুবিধা গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনত ভৱিষ্যতে অধিক আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষক গৰাকীয়ে ।

লগতে পঢ়ক:Human trafficking:কেৰেলাত উদ্ধাৰ হোৱা অসমৰ যুৱতী সন্দৰ্ভত সংবাদমেল

ABOUT THE AUTHOR

...view details