Teok gabhoru bihu: পৰম্পৰা ধৰি ৰাখি টীয়কত উদযাপন গাভৰু বিহু - জেং বিহু
টীয়ক, 19 এপ্ৰিল : আজি ব’হাগৰ পঞ্চম দিন অৰ্থাৎ গাভৰু বিহু (fifth day of Rangali bihu is known as Gabhoru bihu) ৷ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা পৰম্পৰাগত গাভৰু বিহু দেখিবলৈ পোৱা গৈছে টীয়কত ৷
সাত বিহুৰ অন্যতম গাভৰু বিহু । ঠাইভেদে এই বিহুক জেং বিহু বুলিও কোৱা হয় । ৰঙালীৰ আনন্দত বিধৌত অসমীয়া মহিলাই আজি উদযাপন কৰিছে গাভৰু বিহু । এয়া টীয়কৰ জগদুৱাৰ নাৰেংপাচনী গাঁৱৰ পৰিৱেশ (gavoru bihu celebrated at Teok) । অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা গাভৰু বিহু অথবা জেং বিহুৰ পৰম্পৰা সুন্দৰকৈ ধৰি ৰাখিছে এইসকল মহিলাই ।
চলি অহা পৰম্পৰা অনুসৰি বিহুৰ বতৰত ঘৰুৱা কাম-কাজ সামৰি মহিলা সকলে গছৰ তলত জোৰে জেং বিহু । দিনৰ ভাগত জেষ্ঠজনক জা-জলপান খুৱাই সেৱা ধৰাৰ পাছত মহিলাসকলে একত্ৰিত হৈ বিহু জোৰে । গাভৰু বিহুত পুৰুষৰ প্ৰবেশ নিষেধ । এনেদৰে হাত চাপৰি আৰু তকা বজাই বজাই নাচনীক নচুৱাই আনন্দ ফূৰ্তি কৰে মহিলা সকলে । সন্মুখতে এডাল জেং পুতি লয় তেওঁলোকে ।
পৰম্পৰা ৰক্ষা কৰি এইসকল মহিলাই, বিনন্দীয়া প্ৰকৃতি চৰ্চাৰে ভৰপূৰ চিৰসেউজ বিহুনাম জুৰি সবাৰো মংগল কামনা কৰাৰ লগতে আনন্দ ফূৰ্তি কৰে । লগতে লোক বিশ্বাস আছে যে এই গাভৰু বা জেং বিহুত নাচনীৰ গিৰিপনিত মাটিৰ উৰ্বৰতা বৃদ্ধি হয় আৰু আগন্তক সময়ত ফচল ভাল হয় । সেয়ে পুৰুষ সমাজৰ পৰা আঁতৰি পথাৰৰ মাজত নিলগত ইজনী সিজনী গাভৰু বোৱাৰীয়ে মনৰ আনন্দত আত্মহাৰা হৈ বিহু মাৰে ৷ টীয়কৰ জগদুৱাৰ নাৰেংপাচনী গাঁৱৰ পৰা গাভৰু বিহুৰ (Gabhoru bihu) এক প্ৰতিবেদন -