অসম

assam

ETV Bharat / videos

Wild Elephant terror : কামপুৰত দুই বন্যহস্তীৰ তয়াময়া যুদ্ধ

By

Published : Dec 4, 2022, 2:05 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

অসমৰ বহুকেইটা স্থানত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict) । অসমৰ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ লোকসকলো দীৰ্ঘদিন ধৰি এনে বন্যহস্তীৰ আতংকৰ বলি হৈ আহিছে (Wild Elephant terror) । অঞ্চলটোৰ বামুনি আৰু কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ নামি আহে বনৰীয়া হাতী (free movement of wild elephants) । এই হাতী-মানুহৰ সংঘাতৰ মাজতে কামপুৰৰ ৰাইজ হাতী দুটাৰ মাজত তীব্ৰ যুদ্ধৰ সাক্ষী হৈ পৰিল (Fierce battle between two elephants)। হাতীৰ মাজত চলা সংঘৰ্ষত স্থানীয় ৰাইজ আতংকিত হৈ পৰে ৷ কেইবছৰমান পূর্বে পাটিয়াপামত ৰে’লপথ পাৰ হওঁতে তীব্ৰবেগী ৰে’লে খুন্দা মৰাৰ ফলত গৰ্ভৱতী হাতীসহ তিনিটা বনৰীয়া হাতী নিহত হয় । নিশা বহু হাতী ৰেলপথ অতিক্ৰম কৰি আছে যদিও এই বিষয়ত ৰে’ল বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে (Wild elephant terror in Kampur) ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details