অসম

assam

নৱবৰ্ষৰ পহিলা দিনটোত অসম-অৰুণাচল সীমান্ত জীয়াঢলমুখত উৎসৱমুখৰ পৰিৱেশ

ETV Bharat / videos

নৱবৰ্ষৰ পহিলা দিনটোত অসম-অৰুণাচল সীমান্তৰ জীয়াঢলমুখত উৎসৱমুখৰ পৰিৱেশ - picnic in Dhemaji

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:15 PM IST

ধেমাজি, 1 জানুৱাৰী :এতিয়া বনভোজৰ বতৰ ৷ বিদায়ী বছৰৰ অন্তিম মাহৰ পৰা ইংৰাজী নৱবৰ্ষক আদৰি ৰাজ্যত ব্যাপক উছাহ ৷ প্ৰকৃতিৰ বুকুত মুকলি মনেৰে এসাঁজ লগে ভাগে খাই আনন্দ লোৱাৰ বাবে আজি নৱবৰ্ষৰ পহিলা দিনটোত বিভিন্নজনে ধাৱমান হৈছে পাহাৰ, নদ-নদী, প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো অসম-অৰুণাচলৰ পাহাৰৰ সীমান্তৱৰ্তী জীয়াঢলমুখত বিভিন্নজনে উলহ মালহে আদৰিলে ইংৰাজী নৱৰ্ষক ৷ অসম- অৰুণাচল পাহাৰৰ নৈসৰ্গিক প্ৰকৃতিৰ মাজত বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলসমূহ জীয়াঢলৰ অপৰূপ সৌন্দৰ্যৰে নিমজ্জিত হৈ পৰা পৰিলক্ষিত হয়। ইপিনে ধেমাজি জিলাৰ সৈতে বগীবিল দলঙৰ সংযোগ স্থাপন হোৱা পিচৰে পৰা দক্ষিণপাৰৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট আদিৰ ঠাইৰ পৰাও বনভোজ দলৰ আগমন ঘটিছে ৷

ইয়াৰ মাজতে বনভোজথলী সুৰা সেৱন কৰি বাহন চলাই উদ্ভণ্ডালি নকৰিবলৈ সকলোকে আহ্বান জনায় ধেমাজি জিলা পৰিবহন বিষয়া গৌতম ডেকাই ৷

লগতে পঢ়ক:  যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত বনভোজকাৰী দলৰ ভিৰ

ABOUT THE AUTHOR

...view details