festival of Pahrag in Dhemaji : জোনাইৰ আমলখি পাইত গাৱঁত পঃৰাগ উৎসৱৰ লাইখুঁটা স্থাপন - The festival of Pahrag in Dhemaji
ধেমাজি জিলাৰ জোনাই মহকুমাৰ ডেকাপাম আমলখি পাইত গাঁৱত অহা ২০২৩ বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব পঃৰাগ উৎসৱ ৷ সেই উদ্দেশ্য বৃহস্পতিবাৰে স্থাপন কৰা হয় পঃৰাগ উৎসৱৰ লাইখুঁটা(The festival of Pahrag in Dhemaji) । পঃৰাগ হৈছে মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ তথা মাংগলিক পূজা । এই পঃৰাগ উৎসৱ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিকৰ্ম বা গাঁৱৰ মংগলৰ কাৰণে পালন কৰা হয় । মিচিং অধ্যুষিত ডেকাপামৰ আমলখি পাইত গাৱঁত পঃৰাগ উৎযাপনৰ বাবে বৃহস্পতিবাৰে গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-মেঠাৰ লগতে গাঁৱৰ প্ৰতিজন ব্যক্তি ওলাই আহে । উল্লেখ্য যে মিচিং সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে মিবুৰ দ্বাৰা গাঁৱৰ ডেকা-গাভৰু আৰু প্ৰতিজন ব্যক্তিয়ে ওলাই আহি পঃৰাগ উদযাপনৰ বাবে লাইখুঁটা কাটিবলৈ ঢোল বজাই নৃত্য কৰি যায়। ইয়াৰ পাছতে পৰম্পৰাগত ৰীতি-নীতিৰ দ্বাৰা লাইখুঁটা কাটি আনি গাৱঁৰ ডেকা-গাভৰুকে ধৰি প্ৰতিজন লোক ওলাই আহে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST