কলগাছিয়াত সাৰৰ নাটনি; মূল্যবৃদ্ধিয়ে ৰাজহাঁড় ভাঙিছে সাধাৰণ কৃষকৰ
Published : Dec 2, 2023, 11:49 AM IST
|Updated : Dec 2, 2023, 4:15 PM IST
জনিয়া, 2 ডিচেম্বৰ :কলগাছিয়াত কৃষকৰ মাজত হাহাকাৰ । মাকৈ খেতিৰ লগতে পাচলি খেতি কৰি বিপদত পৰিছে এতিয়া কৃষক । কিয়নো বৰপেটা জিলাৰ বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন অঞ্চলত নাটনি হৈছে ৰাসায়নিক সাৰৰ ৷ সেয়ে কলগাছিয়াত সাৰৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ কৃষকক ।
ডি এ পি সাৰৰ অভাৱত মাকৈ, সৰিয়হ, পাচলি আদি কৰি বিভিন্ন খেতিত দিব পৰা নাই সাৰ । জিলাখনৰ কলগাছিয়া, দাৱনদিয়া, বালিকুৰি, গুনিয়ালগুৰি, বালাৰপাথাৰ, টাপাজুলি পাথাৰ, সোনাপুৰ, ৰুভী, মজিদভিটা, মইনবড়ী আদি অঞ্চলৰ খেতিয়কে ডি এ পি সাৰৰ নাটনিৰ বাবে মাকৈ খেতি কৰাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । সাৰৰ নাটনিৰ ফলত কৃষকসকলে বেছি দামত সাৰ ক্ৰয় কৰিবলগীয়া হৈছে ।
ইপিনে অনুজ্ঞাপত্ৰ থকা পাইকাৰী বিক্ৰেতাসকলেও ডি এ পি সাৰৰ নাটনিৰ সুযোগ গ্ৰহণ কৰি দাম বৃদ্ধি কৰিছে । অত্যধিক মূল্যত সাৰ ক্ৰয় কৰিব নোৱাৰাত বিপদত পৰিছে দুখীয়া কৃষকে । সেয়েহে এই বৃহৎ অঞ্চলৰ খেতিয়কসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পৰ্যাপ্ত পৰিমাণৰ সাৰৰ যোগান ধৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক :বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা