অসম

assam

মাজুলীৰ চেনীমৰা ঘাটত আৱদ্ধ ফেৰী

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:02 PM IST

ETV Bharat / videos

সোৱণশিৰিৰ বুকুত আৱদ্ধ ফেৰী

মাজুলী, ৯ ডিচেম্বৰ :সোৱণশিৰিৰ বুকুত অঘটন । সোৱণশিৰিৰ বালিত আৱদ্ধ হৈ পৰিল যাত্ৰীবাহি ফেৰী । মাজুলীৰ পৰা লখিমপুৰলৈ গৈ থকা অৱস্থাত মাজুলীৰ চেনীমৰা ঘাটত সংঘটিত হয় এই ঘটনাটো । সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । জানিব পৰা মতে, মাজুলীৰ সাংবাদিকৰ দলো আৱদ্ধ হৈ পৰে ফেৰীখনত ।

তথ্য অনুসৰি, প্ৰায় ১ ঘন্টা ধৰি আৱদ্ধ হৈ থাকে ফেৰীখন । ফেৰীখনৰ কৰ্মচাৰীসকলে ফেৰীখন আৱদ্ধ হৈ থকা স্থানৰ পৰা উদ্ধাৰ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । যদিহে এনেদৰে নদীৰ পানী শুকাই থাকে তেন্তে অনাগত দিনত ফেৰী চলাচল কৰাত আৰু অসুবিধা হ’ব বুলি শংকা প্ৰকাশ কৰিছে যাত্ৰীসকলে ।

লগতে পঢ়ক :জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক

ABOUT THE AUTHOR

...view details