Female doctor suicide: NMGH ৰ ছাত্ৰী আৱাসত মহিলা চিকিৎসকৰ আত্মহত্যা
Published : Aug 23, 2023, 8:42 PM IST
নগাঁও, 23 আগষ্ট :নগাঁও মেডিকেল কলেজ হাস্পতালত অঘটন সংঘটিত হৈছে ৷ বুধবাৰে চিকিৎসালয়খনৰ ছাত্ৰী আৱাসত আত্মহত্যা কৰে এগৰাকী মহিলা চিকিৎসকে ৷ মৃত চিকিৎসকগৰাকীৰ নাম ডাঃ দিয়া দৈমাৰী বুলি জানিব পৰা গৈছে । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈলচিকিৎসা বিভাগত কৰ্মৰত হৈ আছিল মৃত চিকিৎসক দিয়া দৈমাৰী ৷ মৃত চিকিৎসকগৰাকীৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে ৷
প্ৰতিদিনৰ দৰে আজি পুৱা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত নিজ কৰ্তব্য সম্পাদন কৰিছিল ডাঃ দিয়া দৈমাৰীয়ে ৷ তাৰ পিচতেই সন্ধিয়া নিজ আৱাসলৈ উভতি অহাৰ পিচতেই নিজৰ কোঠাৰ চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰে চিকিৎসকগৰাকীয়ে ৷ যোৱা ফেব্ৰুৱাৰী মাহত নগাঁও চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰা চিকিৎসকগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
ইতিমধ্যে চিকিৎসকগৰাকীৰ আত্মহত্যাৰ খবৰ পাই ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক:Moran Junio College: মহাবিদ্যালয়ৰ ভিতৰতে ভাং সেৱন কৰি জ্যেষ্ঠ ছাত্ৰৰ কণিষ্ঠ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ