অসম

assam

বিহুৰ প্ৰস্তুতি

By

Published : Apr 12, 2023, 6:28 PM IST

ETV Bharat / videos

Kaliabor Female Bihu husori: কলিয়াবৰত মহিলা হুঁচৰি দলৰ বিহুৰ প্ৰস্তুতি

কলিয়াবৰ, 12 এপ্ৰিল :ৰাজ্যৰ ইমূৰ-সিমূৰ এতিয়া ৰঙালীৰ উছাহত উতনুৱা হৈ পৰিছে ৷ চাৰিওফালে ঢোল-পেঁপা-গগণাৰ মাতে ৰজনজনাই আছে ৷ বিহুৰ উছাহ একেই মাত্ৰাত সৰ্বত্ৰে পৰিলক্ষিত হৈছে ৷ কিন্তু উজনি, নামনি আৰু মধ্য অসমৰ বিহু উদযাপন ঠাইভেদে কিছু সুকীয়া (Bihu husori) ৷

উজনিৰ বিহু হুঁচৰিৰ পৰিৱৰ্তে কলিয়াবৰ-নগাঁও অঞ্চলত হুঁচৰি কীৰ্তন প্ৰচলিত হৈ আহিছে । গুৰুজনাৰ সত্ৰীয়া নাম-কীৰ্তনৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয় এই হুঁচৰিত । পুৰুষসকলৰ সমান্তৰালকৈ মহিলাসকলেও গায় এই হুঁচৰি (Kaliabor Female Bihu husori) ৷

এইবাৰো সাজু হৈছে কলিয়াবৰৰ মহিলাসকল, প্ৰস্তুতি চলাইছে বিহু হুঁচৰিৰ আখৰাৰ । এইয়া কলিয়াবৰৰ শেনচোৱা গাঁৱৰ মহিলাসকলে হুঁচৰি কীৰ্তন কৰাৰ দৃশ্য ৷ বিহুৰ দিনা প্ৰতিজন গৃহস্থৰ ঘৰত হুঁচৰি গায় আৰ্শীবাদ দিবলৈ সাজু হৈছে গাঁওখনৰ মহিলাসকল (female Bihu husori Preparation at Kaliabor)।

লগতে পঢ়ক :World Records of Bihu: সৰুসজাইৰ প্ৰৱেশ পত্ৰ বিচাৰি কলাক্ষেত্ৰত দীঘলীয়া শাৰী

ABOUT THE AUTHOR

...view details