অসম

assam

Bodo Sahitya Sabha: হৰিচন্দ্ৰ বড়োক প্ৰেৰণাৰ দেৱদূত উপাধি প্ৰদান

By

Published : May 14, 2023, 6:09 PM IST

ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত সম্বৰ্ধনা সভা

ৰঙিয়া, ১৪ মে':ৰঙিয়াত দেওবাৰে ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত বড়ো সাহিত্য সভা ,নিখিল বড়ো ছাত্র সন্থা (ABSU Felicitation Meeting),বাথৌ মহাসভা ,সংযুক্ত বড়ো গণ মঞ্চ আৰু ট্ৰাইবেল সংঘই সন্মিলিতভাৱে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে (Felicitation Meeting of Bodo Sahitya Sabha)। ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ সভাপতি মদন চন্দ্ৰ বড়োৰ পৌৰোহিত্য়ত অনুষ্ঠিত সভাখনত ৰঙিয়া অঞ্চলত বড়োসকলৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা হৰিচন্দ্ৰ বড়োক সম্বৰ্ধনা জনোৱা হয় ।  

উক্ত সভাত হৰিচন্দ্ৰ বড়োক 'প্ৰেৰণাৰ দেৱদূত' উপাধি প্ৰদান কৰা হয় (Harichandra Boro conferred title in Rangia)। বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে হৰিচন্দ্ৰ বড়োক এখন এৰি চাদৰ আৰু নগদ পঞ্চাশ হাজাৰ টকা প্ৰদান কৰে । অনুষ্ঠানটোত হৰিচন্দ্ৰ বড়োৰ জীৱনৰ ওপৰত ৰচিত এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয় । এই গ্ৰন্থখন উন্মোচন কৰে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰীয়ে । সভাখনত ৰঙিয়া জিলা বড়ো সাহিত্য সভা,কামৰূপ জিলা নিখিল বড়ো ছাত্র সন্থা ,সংযুক্ত বড়ো গণ মঞ্চ আৰু ট্ৰাইবেল সংঘই হৰিচন্দ্ৰ বড়োক স্মাৰক পত্ৰ,আৰনাই,স্মাৰক, ছাতিৰে সন্বৰ্ধনা জ্ঞাপন কৰে । সভাখনত ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ বড়ো লোকসকলৰ লগতে বহুকেইটা বড়ো সংগঠনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Extra Marital Affair: বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে ৰাজপথত স্বামী-স্ত্ৰীৰ দুৰ্বাদল কাজিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details