অসম

assam

মৰাণৰ তিনঠেঙীয়াত বিছাৰ আতংক

ETV Bharat / videos

Caterpillar terror: মৰাণৰ তিনঠেঙীয়াত বিছাৰ আতংক - মৰাণৰ তিনঠেঙীয়াত বিছাৰ আতংক

By

Published : Jun 4, 2023, 5:53 PM IST

মৰাণ, ৪ জুন: ডিব্ৰুগড় জিলাৰ মৰাণৰ তিনঠেঙীয়াত এতিয়া বিছাৰ আতংক (Fear of caterpillar at Tinithengia in Moran) । লক্ষ লক্ষ বিছাৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল । গছ-গছনি, ঘৰ-বাৰী, বিদ্যালয় সকলোতে বিছা । মুঠৰ ওপৰত ক'লা ৰঙৰ বিছাৰ আৱৰণে ঢাকিছে সমগ্ৰ গাঁওখন । গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি জেঠ মাহত এই বিছাৰ প্ৰাৰ্দুভাৱ দেখিবলৈ পোৱা যায় গাঁওখনত ।  

ইয়াৰ পিছতে বিছাবোৰ পকি পখিলা সৃষ্টি হয় (Caterpillar terror) । বিছাবোৰ ৰাইজক বিশেষ অনিষ্ট কৰা নাই যদিও ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে । তিনঠেঙীয়া বনাঞ্চলত এই বিছাৰ প্ৰাৰ্দুভাৱ অধিক । বনাঞ্চলৰ সমান্তৰালকৈ মানুহৰ ঘৰ-বাৰী আৰু বিদ্যালয় সমূহো বিছাৰে ভৰি পৰিছে । 

লগতে পঢ়ক:Warm situation in Dibrugarh : দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details