All Assam Para Sports: সদৌ অসম পেৰা স্পৰ্টছত ফটিক বৰাৰ সোণৰ পদক অৰ্জন - Fatik Bora wins gold medal
তিতাবৰ, 24 জুলাই :মনৰ প্ৰবল ইচ্ছা আৰু দৃঢ়তা সবল হ’লে সকলো সম্ভৱ ৷ এই কথাকে প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ বৰকছাৰীৰ ফটিক বৰাই ৷ সদৌ অসম পেৰা স্পৰ্টছত গোলাঘাটৰ বৰকছাৰীৰ ফটিক বৰাই আজুৰিলে সোণৰ পদক৷ শাৰীৰিক বাধাকো নেওচি তৃতীয় বাৰ্ষিক সদৌ অসম পেৰা স্পৰ্টছত বচিকা খেলত গোলাঘাটৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আঠখেলীয়াৰ ফটিক বৰাই সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
শাৰীৰিকভাৱে সক্ষম যুৱক তথা দৰিদ্ৰ পৰিয়ালৰ যুৱক ফটিকে বহু কষ্টেৰে পঢ়া-শুনা কৰি বৰহোলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ জন্মগতভাৱে দুয়োখন হাত-ভৰি অকামিলা শিক্ষিত যুৱকজনে বৰকছাৰী প্ৰাথমিক বিদ্যালয়ত অবৈতনিক শিক্ষক হিচাপে সেৱা আগবঢ়াই অহা লগতে দুই এজন গাঁৱৰে দুই এজন ছাত্ৰক টিউচন কৰি নিজা খৰচ উলিয়াই আহিছে ৷
এই সাফল্যৰ পিচতে ফটিকৰ চৰকাৰলৈ আহ্বান তেওঁক এটি চৰকাৰী সংস্থাপন প্ৰদান কৰাৰ ৷ লগতে আগন্তুক দিনত ক্ৰীড়া জগতত ৰাজ্য তথা দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ফটিকে ৷
লগতে পঢ়ক:Palm Oil Farm at Boko : বকোত সেউজ তৈল খেজুৰ কৃষক গোটৰ প্ৰশংসনীয় পদক্ষেপ