অসম

assam

4 বছৰীয়া সন্তানক গচকি হত্যা পিতৃৰ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 11:30 AM IST

ETV Bharat / videos

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড; 4 বছৰীয়া সন্তানক গচকি হত্যা পিতৃৰ

সৰুপথাৰ, 19 ডিচেম্বৰ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত মানৱ সমাজক ভূলুণ্ঠিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে । সোমবাৰে নিশা পিতৃয়ে ভৰিৰে গচকি গচকি হত্যা কৰিলে চাৰি বছৰীয়া সন্তানক । বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা । 

তাৰ পিচতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । আইতাকে জনোৱা অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক । আনকি এই ঘটনা সংঘটিত কৰি পিতৃয়ে ঘৰৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল ৷  

এই ঘটনাৰ কথা গম পাই স্থানীয় যুৱকে গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, কণমানিটোৰ মাতৃ আৰু দুই ভগ্নী চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে।

লগতে পঢ়ক:শোৱাপাটীতে যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

ABOUT THE AUTHOR

...view details