অসম

assam

Brutal murder case: ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক

By

Published : Jul 22, 2023, 7:49 PM IST

ড্ৰাগছ আসক্ত পুত্ৰৰ আক্ৰমণত মৃত্যু পিতৃৰ

জোনাই, 22 জুলাই : জোনাইত সংঘটিত হ’ল সভ্য সমাজক লজ্জানত কৰা এক কৰুণ ঘটনা ৷ ড্ৰাগছ আসক্ত পুত্ৰৰ আক্ৰমণত মৃত্যু হয় এগৰাকী ব্যক্তিৰ ৷  

জানিব পৰা মতে জোনাই উদয়পুৰ গাঁৱৰ নিবাসী ব্ৰীজভূষণ যাদৱ নামৰ 55 বছৰীয়া ব্যক্তিজনক জোনাই বজাৰৰ মাজমজিয়াত বৃস্পতিবাৰে পুৱা নিজ পুত্ৰ সুবোধ যাদৱে এটা ডাঙৰ শিলেৰে মূৰত আঘাত কৰি গুৰুতৰভাৱে আহত কৰে ৷ লগে লগে প্ৰত্যক্ষদৰ্শী ৰাইজে ব্যক্তিজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত লোকজনৰ শুকুৰবাৰে নিশা মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷  

ব্যক্তিজনৰ মৃত্যুৰ পিচতে শনিবাৰে দিনৰ 1 বজাত জোনাই আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া ঘটনাস্থলী প্ৰাৰম্ভিক তদন্ত কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত এজাহাৰৰ ভিত্তিত পাষণ্ড পুত্ৰক জোনাই আৰক্ষীয়ে আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷  

স্থানীয় ৰাইজে জনোৱা মতে সুবোধ যাদৱ নামৰ যুৱকজনে বিগত কিছু বছৰৰ পূৰ্বৰে পৰা ড্ৰাগছ সেৱন কৰি আহিছে আৰু ইয়াকে লৈ পিতৃৰ পৰা ড্ৰাগছ সেৱনৰ বাবে টকা পইচাক লৈ বিভিন্ন সময়ত কাজিয়া সৃষ্টি হৈ আহিছে ৷ 

লগতে পঢ়ক:Caste violation : দলিতসকলক মন্দিৰত প্ৰৱেশত বাধা, এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details