অসম

assam

অসমীয়া পৰম্পৰাগত চাদৰ মেখেলা পিন্ধি কি ক'লে বলীউড অভিনেত্ৰী সংগীতা বিজলানিয়ে

ETV Bharat / videos

Sangeeta Bijlani: অসমীয়া পৰম্পৰাগত চাদৰ মেখেলা পিন্ধি গুৱাহাটীত অভিনেত্ৰী সংগীতা বিজলানি - বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী সংগীতা বিজলানি

By

Published : Apr 8, 2023, 6:51 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিল: শনিবাৰে মহানগৰীত উপস্থিত হয় বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী সংগীতা বিজলানি (Sangeeta Bijlani movies) কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা অভিনেত্ৰী সংগীতা বিজলানি দেশৰ আগশাৰীৰ ডিজাইনাৰ সংযুক্তা দত্তৰ ট্ৰেডিচনেল ৰিডিজাইনিং ষ্টুডিঅ'ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীত উপস্থিত হয় (Traditional Redesigning Studio) । সংযুক্তা দত্তৰ ষ্টুডিঅ'ত উপস্থিত হৈ পৰম্পৰাগত সাজ পাৰৰ বিভিন্ন ডিজাইন পৰিদৰ্শন কৰি আপ্লুত হয় বলীউডৰ অভিনেত্ৰীগৰাকী (Famous Bollywood actress Sangeeta Bijlani) ।  

ইফালে দশম বৰ্ষপূৰ্তি উপলক্ষে ডিজাইনাৰ সংযুক্তা দত্তই বলীউডৰ অভিনেত্ৰীগৰাকীৰ ফটো অংকিত এযোৰ চাদৰ মেখেলা উপহাৰস্বৰূপ সংগীতা বিজলানিলৈ আগবঢ়ায় । ইয়াৰ পিচতেই সংগীতা বিজলানি আৰু সংযুক্তা দত্তই কেক কাটি এই বিশেষ দিনটো উদযাপন কৰে (actress Sangeeta Bijlani) । ইফালে সাংবাদিকৰ প্ৰশ্নত অভিনেত্ৰীগৰাকীয়ে অসমীয়া সাজ-পোছাকৰ সৌন্দৰ্যতাক লৈ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া চাদৰ মেখেলা পৰিধান কৰি নিজৰ আনন্দ প্ৰকাশ কৰে (Fashion Designer Sanjukta Dutta) ৷

উল্লেখ্য যে, সংযুক্তা দত্তই অসমৰ বিভিন্ন সাজ পোছাক ৰি-ডিজাইন কৰি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ফেশ্বন শ্ব' ত উপস্থাপন কৰি অসমৰ সাজ-পোছাকক বিশ্ব দৰবাৰলৈ লৈ যোৱাত এক বিশেষ ভূমিকা পালন কৰি আহিছে (Actress Sangeeta Bijlani in Guwahati) ।

লগতে পঢ়ক:Preity Zinta visits Kamakhya: অভিনেত্ৰী প্ৰীতি জিন্টাৰ কামাখ্যা দৰ্শন; ইনষ্টাগ্ৰামযোগে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক'লে এই কথা

ABOUT THE AUTHOR

...view details