অসম

assam

কন্যাক ভুলৰ বাবে মাৰপিটহে কৰিছিল, ধৰ্ষণৰ ঘটনাক ষড়যন্ত্ৰ অভিযোগ পৰিয়ালবৰ্গৰ

ETV Bharat / videos

Silapathar rape case: কন্যাক ভুলৰ বাবে মাৰপিটহে কৰিছিল; ধৰ্ষণৰ অভিযোগক ষড়যন্ত্ৰ আখ্যা পৰিয়ালৰ - ধৰ্ষণৰ ঘটনাক ষড়যন্ত্ৰ অভিযোগ পৰিয়ালবৰ্গৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:22 AM IST

ধেমাজি, 29 ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰত এগৰাকী কিশোৰীক নিজ পিতৃয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা ঘটনাৰ পিচতেই বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত মুখ খুলিছে অভিযুক্তৰ পৰিয়ালে ৷ এই জঘন্য অপৰাধৰ কথা নস্যাৎ কৰি কিশোৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ ৷ যোৱা 12 ছেপ্টেম্বৰত পিতৃয়ে কন্যাক ধৰ্ষণ কৰি এই বিষয়ে কাকো নকবলৈ দাবী ধমকি দিয়াৰ কথা খোদ কিশোগৰাকীৰ মাতৃয়ে স্বীকাৰ কৰিছিল ৷ তাৰ পিচতেই সমগ্ৰ অঞ্চলটোতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ 

বৃহস্পতিবাৰে অভিযুক্তজনৰ পিতৃ-মাতৃয়ে ধেমাজি প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি ঘটনাৰ অস্বীকাৰ কৰে ৷ পুত্ৰই এনে জঘন্য কাম কৰিব নোৱাৰে বুলি পিতৃ-মাতৃয়ে দাবী কৰি কয় যে, এয়া এক ষড়যন্ত্ৰ ৷ অভিযুক্তৰ ভাতৃ তথা কিশোৰীগৰাকীৰ খুড়াকে কোৱা অনুসৰি কন্যাই কৰা ভুল কামৰ বাবে পিতৃয়ে মাৰ-পিট কৰাটো সঁচা ৷ পিতৃয়ে কন্যাক মাৰ-পিট কৰা সময়ত এজন মেনেজাৰো সেই ঠাইত উপস্থিত আছিল ৷ কন্যাক পঢ়ুৱাবলৈ অভিযুক্তই কন্যা আৰু মাকক একেলগে বহুদিন ধৰি ৰাখিছিল যদিও কন্যাই কৰা ভুল কামৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই কন্যাক লৈ যাবলৈ অভিভাৱকৰলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছিল ৷ আনকি কন্যাক মাৰ-পিট কৰাৰ পিচত মাতৃয়ে হাস্পতাললৈ লৈ গৈছিল ৷ 

ইফালে অভিযুক্তৰ ভাতৃয়ে অভিযুক্তৰ পত্নীৰ স্বামীৰ মেনেজাৰৰ লগত বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:AASU protest in Dhemaji:বিদ্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত উত্তাল ধেমাজি

ABOUT THE AUTHOR

...view details