অসম

assam

জোনাইত মিচিং অলিম্পিকৰ ব্যাপক প্ৰস্তুতি

ETV Bharat / videos

Mising olympic 2023: জোনাইত মিচিং অলিম্পিকৰ ব্যাপক প্ৰস্তুতি - মিচিং অলিম্পিক

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 11:30 AM IST

জোনাই, ২৪ অক্টোবৰ :মিচিং অলিম্পিকলৈ মাজত মাথোঁ এটা এটা দিন ৷ অহা ২৫, ২৬ আৰু ২৭ অক্টোবৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ পবা খেলপথাৰত অনুষ্ঠিত হ'ব মিচিং অলিম্পিক ৷ মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK য়ে এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াৰ লক্ষ্যৰে মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক যুৱতীক ক্ৰীড়া ক্ষেত্ৰতখনত সহায় হোৱাকৈ কেন্দ্ৰীয়ভাৱে জোনাইৰ পবা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মিচিং অলিম্পিকক লৈ জোনাইত চলিছে ব্যাপক প্ৰস্তুতি । এই অলিম্পিকত ১৫ খন সাংগঠনিক জিলা সমিতিৰ পৰা সহস্ৰাধিক যুৱক-যুৱতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আয়োজক‌ সমিতিয়ে।

এই মিচিং অলিম্পিকত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, লং জাম্প, হাই জাম্প, জেবলিন থ্ৰ’, ডিছকাছ থ্ৰ’ আদি খেলৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰা কিছু খেল সংযোজন কৰি মুঠ ১৪ টা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।

লগতে পঢ়ক:Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details