Exclusive interview: মেট্ৰিক পৰীক্ষাৰ্থীক সফলতা লাভৰ মন্ত্ৰণা দিলে ছেবাৰ প্ৰাক্তন অধ্যক্ষ ড৹ কমলজ্যোতি গগৈয়ে
Published : Nov 10, 2023, 4:48 PM IST
যোৰহাট, 10 নৱেম্বৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাগত ৷ অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্র-ছাত্ৰী কিদৰে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰে ? পৰীক্ষা বেয়া কিয় হয় একাংশ পৰীক্ষাৰ্থীৰ ? পৰীক্ষা ভাল কৰাৰ উপায় কি ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিভিন্ন পৰামৰ্শ আৰু উপায় প্ৰদান কৰিলে ছেবা আৰু শিক্ষা সংসদৰ প্ৰাক্তন সচিব ড৹ কমল জ্যোতি গগৈয়ে ।
ছেবাৰ প্ৰাক্তন সচিবগৰাকীয়ে কয় যে যিসকল কম মেধাসম্পন্ন, সেইসকল ছাত্র-ছাত্রীক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত বিভিন্ন উৎসৱ-পাৰ্বণ আৰু মোবাইল ফোনৰ পৰা নিলগত ৰাখিব লাগে । কম মেধাসম্পন্ন শিক্ষাৰ্থীসকলক ছমহীয়া পৰীক্ষাৰ সময়ৰ পৰাই শিক্ষকসকলে গুৰুত্ব দি যিসমূহ পাঠ্যক্ৰম সহজ তেনে পাঠ্যক্ৰম দিয়াটো প্ৰয়োজন । গুণোৎসৱ যদি নৱম আৰু দশম শ্ৰেণীত প্ৰয়োজ্য কৰে তেতিয়া হ’লে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত বহু অৰিহণা যোগাব ।
ইফালে মেট্ৰিক পৰীক্ষাৰ সময়ত সংঘটিত বিভিন্ন বিসংগতি সন্দৰ্ভত তেওঁ কয় যে একাংশ অনভিজ্ঞ শিক্ষক আৰু অধ্যক্ষক পৰীক্ষাকেন্দ্ৰত নিয়োজিত কৰা বাবেই পৰীক্ষাকেন্দ্ৰত বেমেজালিৰ সৃষ্টি হয় ৷ পৰীক্ষাকেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাটোও বেমেজালি সৃষ্টিৰ অন্য এক কাৰণ বুলি কয় ছেবাৰ প্ৰাক্তন সচিবগৰাকীয়ে ৷
লগতে পঢ়ক:HSLC 2024: ঘোষণা হ'ল ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী