NHPC Big Dam: বিজ্ঞানসন্মত নহ’লে বিপদ মাতিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই; আশংকা গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ - former MLA Girindra Kumar Baruah
Published : Oct 12, 2023, 7:33 PM IST
নগাঁও, 12 অক্টোবৰ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ সন্তুষ্ট নহয় জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা । ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কোনো পৰামৰ্শ মানি চলা নাই বুলি নিৰ্মাণ সংস্থা এন এইচ পি চিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অগপ জ্যেষ্ঠ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই । আনকি ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ প্ৰসংগ উল্লেখ কৰি বিজ্ঞানসন্মতভাৱে নদীবান্ধ নিৰ্মাণ নকৰাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ শংকা থকাৰ কথাও ব্যক্ত কৰিলে অগপ নেতাগৰাকীয়ে । আনকি বিধায়ক হৈ থকা সময়তে বিধানসভাত গিৰিন্দ্ৰ কুমাৰ বৰুৱাই উত্থাপন কৰা প্ৰশ্নৰ বিষয়টো উনুকিয়াই তেওঁ কয় যে সেইসময়ত তৰুণ গগৈ চৰকাৰে গঠন কৰি দিছিল বিশেষজ্ঞ সমিতি ৷ য’ত সদস্য হিচাপে আছিল তদানীন্তন বিধায়ক বৰুৱাও ।
এই জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত দীৰ্ঘকাল আন্দোলন চলিলেও ইয়াৰ বিজ্ঞানসন্মত নিৰ্মাণৰ দাবী, নৈ-পৰীয়াৰ জীৱনক লৈ চিন্তা আদি বিষয়ত কৃতিত্বৰ অধিকাৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা ৷ কাৰণ তেওঁৰ আবেদনৰ পিচতেই চৰকাৰে বিষয়টোক লৈ বিশেষজ্ঞ সমিতি গঠন কৰি বিবেচনাৰ বাবে নিৰ্দেশ দিছিল ৷ এই সন্দৰ্ভত জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ সৈতে ইটিভি ভাৰত অসমৰ এক বিশেষ সাক্ষাৎকাৰ...
লগতে পঢ়ক:Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি প্ৰকল্পৰ সুৰংগৰ ভিতৰত খহিল ছাদ