অসম

assam

চাইকেল চলাই ভাৰত ভ্ৰমণ

ETV Bharat / videos

Bicycle journey : ড্ৰাগছ মুক্ত সমাজৰ বাৰ্তা লৈ চাইকেল চলাই অসম ভ্ৰমণ যুৱকৰ - Efforts to bring awareness against drugs

By

Published : Apr 30, 2023, 1:54 PM IST

জোনাই,৩০ এপ্ৰিল:ধেমাজি জিলাৰ চিলাপথাৰ চিলাসূতিৰ খৰ্গ বাহাদুৰ পৌড়েল আৰু চেবন্তী দেৱীৰ পূত্ৰ চন্দ্ৰ বাহাদুৰ পৌড়েলে যুৱ প্ৰজন্মক ড্ৰাগছ সেৱনৰ অপকাৰৰ বিষয়ে সজাগ কৰাৰ লগতে সুস্থ ভাৰত, নিচামুক্ত ভাৰত আৰু সেউজ ভাৰত গঢ়াৰ শ্লোগানৰে যোৱা ৯ মাৰ্চৰ পৰা আৰম্ভ কৰে এক চাইকেল যাত্ৰা (Efforts to bring awareness against drugs) । সুদূৰ গহপুৰৰ পৰা আৰম্ভ কৰা সজাগতা ৰেলীত অসমৰ প্ৰায় ৫০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰে (Exceptional move of Jonai Youth) ।  

বৰ্ষাবিঘ্নিত পৰিৱেশৰ মাজতো কন্টকময় যাত্ৰাকালত বৰবিহ ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক ব্যৱধান ৰাখি চলিবলৈ আহ্বান জনাই বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰে । যাত্ৰাপথত যুৱকজনে এদিন আই পি এচ বিষয়া আনন্দ মিশ্ৰৰ সাক্ষাৎ লাভ কৰে আৰু বিষয়াজনে সন্তোষ প্ৰকাশ কৰি পুৰস্কাৰ হিচাবে এটা বেজ প্ৰদান কৰি উৎসাহিত কৰা বুলি মন্তব্য কৰি সহযোগ কৰা সকলোকে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে (Assam youth Bicycle journey) ।  

সম্পূৰ্ণ নিজা গাঁঠিৰ ধন ভাঙি সম্পন্ন কৰা এই অভিযানৰ সামৰনি মাৰি আজি গাঁওখনত উপস্থিত হোৱা যুৱকজনক গাঁৱবাসীয়ে জ্ঞাপন কৰে সম্বৰ্ধনা । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আদৰি আনি স্থানীয় হৰি মন্দিৰত ফুলৰ মালা, টুপি আৰু ফুলাম গামোচাৰে আদৰণি জনায় । সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত প্ৰাক্তন আগছু নেতা তথা এল আই চি'ৰ উন্নয়ন বিষয়া ৰাজেন ছেত্ৰীয়ে যুৱকজনৰ এই নিস্বাৰ্থ কাৰ্যক শলাগ লয় । 

লগতে পঢ়ক:Formalin in Fish : ৰঙিয়াত ফৰ্মেলিনযুক্ত চালানী মাছৰ বৃহৎ বজাৰ

ABOUT THE AUTHOR

...view details