অসম

assam

নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া

By

Published : May 1, 2023, 8:20 PM IST

ETV Bharat / videos

Exceptional Assamese wedding: গৰু গাড়ীত দৰা সাজি আহি দোলাত কইনা নিলে ঘগ্ৰাপাৰৰ কমলে

নলবাৰী, ১ মে’ :নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া । ইন্ধনযুক্ত বাহনৰ পৰিৱৰ্তে কইনাক নিবলৈ দৰা আহিল গৰু গাড়ীত আৰু কইনা নিলে দোলাত ৷ নলবাৰীৰ ঘগ্ৰাপাৰৰ নাৰপাৰাৰ প্ৰয়াত বকুল কলিতা আৰু মাতৃ অঞ্জু কলিতাৰ কনিষ্ঠ পুত্ৰ কমল কলিতা আৰু ননৈ গাঁৱৰ কইনা তৃষ্ণা ডেকাক নিবলৈ এনেদৰে আহিল গৰু গাড়ীত (Exceptional Assamese wedding) ৷

পুৰণি পৰম্পৰা ৰক্ষা কৰি কমল কলিতাই ননৈৰ গাঁৱৰ সূৰ্য প্ৰসাদ ডেকা আৰু কণিকা ডেকাৰ কনিষ্ঠ জী তৃষ্ণা ডেকাক এনেদৰে নিবলৈ অহা দেখি আবেগিক হৈ পৰিল সকলো ৷ দৰা কমল কলিতাই উল্লেখ কৰা মতে, তেওঁ মাতৃকো এনেদৰেই দোলাত বহুৱাই বিয়া কৰাই আনিছিল পিতৃয়ে ৷ অতীতৰ সেই পৰম্পৰা আকৌ ঘূৰাই আনাৰ প্ৰয়াস কৰি দৰা কমলেও গৰু গাড়ীত উঠি দোলাত কইনা নিবলৈ অহা দেখিবলৈ পোৱা গ’ল ৷

লগতে পঢ়ক :Wedding at floating house: পুখুৰীৰ মাজৰ ওপঙা ঘৰত এখন ব্যতিক্ৰমী বিয়া

ABOUT THE AUTHOR

...view details