Anup Chetia: NRC প্ৰকাশ নোপোৱাটো ৰাজনৈতিক মায়াজাল; অনুপ চেতিয়া - সমষ্টিৰ খচৰা প্ৰকাশ
নলবাৰী, ৩০ জুলাই:যি ধৰণে সমষ্টি পুনঃনিৰ্ধাৰণ কৰা হৈছে তাৰদ্বাৰা খিলঞ্জীয়াৰ অধিকাৰ কেতিয়াও প্ৰতিষ্ঠিত নহয় । এই মন্তব্য প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া । দেওবাৰে পুৱা নলবাৰীৰ মুকালমুৱাত উপস্থিত হৈ প্ৰাক্তন আলফা নেতাগৰাকীয়ে শুদ্ধ নাগৰিকপঞ্জী নোহোৱাকৈ সমষ্টিৰ খচৰা প্ৰকাশ পোৱা সন্দৰ্ভত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
তেওঁ লগতে NRCৰ আংশিক খচৰা প্ৰকাশ পোৱাৰ ৫ বছৰ হৈ যোৱাৰ পিচতো এতিয়ালৈকে শুদ্ধ NRC প্ৰকাশ নোপোৱাটো অসমৰ ৰাইজৰ ওচৰত সাঁথৰ হৈ আছে বুলি উল্লেখ কৰে ।
আলফাৰ প্ৰাক্তন নেতাগৰাকীয়ে আৰু কয় যে, NRC সম্পৰ্কত আছুও নীৰৱ হৈ গ'ল । এসময়ত শুদ্ধ হৈ থকা NRCখন পৰৱৰ্তী সময়ত ৰাজনৈতিক ছত্রছায়াত পৰি অশুদ্ধ হৈ গ'ল । প্ৰাক্তন আলফা নেতাগৰাকীয়ে নাম নোলোৱাকৈ কয় যে, যিজন মানুহক অসমৰ ৰাইজে পূজা কৰি আছিলে পৰৱৰ্তী সময়ত সেইজন মানুক বিপক্ষত থিয় কৰোৱা হ'ল । NRC প্ৰকাশ নোপোৱাটো ৰাজনৈতিক মায়াজাল বুলি কয় প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ।
লগতে পঢ়ক:ULFA Govt Peace Talks: চৰকাৰে প্ৰস্তুত কৰা খচৰাত সন্তুষ্ট নহয় আলফা; অনুপ চেতিয়া