অসম

assam

Ex-army prrotest: লখিমপুৰত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট

By

Published : Jul 2, 2023, 3:35 PM IST

লখিমপুৰত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট

লখিমপুৰ,২ জুলাই:লখিমপুৰত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । দেওবাৰে সমগ্ৰ দেশৰ 700খন জিলাত প্ৰাক্তন সৈনিকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । লখিমপুৰতো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ প্ৰাক্তন সৈনিকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মূলতে প্ৰাক্তন সৈনিকসকলৰ পেঞ্চন বিসংগতিৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।  

২০১৯ চনৰ পৰা সৈনিকসকলে পাব লগীয়া চাৰিটা কিস্তিৰ টকা বৰ্তমানলৈকে এটা কিস্তি আদায় দিয়া, পৰিয়াল পেঞ্চনৰ বিসংগতি হোৱা আদি কাৰণসমূহৰ বাবে প্ৰাক্তন সৈনিকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে তৎকালীনভাৱে চৰকাৰক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ দাবী জনায় । অৱস্থান ধৰ্মঘটস্থলীৰ পৰা তেওঁলোকে এই সন্দৰ্ভত এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে । 

লগতে পঢ়ক:100 years of Majuli police station : 100 বছৰ সম্পূৰ্ণ কৰিলে মাজুলী আৰক্ষী থানাই

ABOUT THE AUTHOR

...view details