Protest in Nagaon: প্ৰাক্তন সেনা বিষয়াৰ প্ৰতিবাদত উত্তাল নগাঁও - Protest in Nagaon
নগাঁও,৩ এপ্ৰিল: নগাঁৱত অৱসৰ প্ৰাপ্ত সেনা বিষয়াৰ তীব্ৰ প্ৰতিবাদ (Protest in Nagaon) । One Rank One Pension ৰ বিসংগতিসমূহ দূৰীকৰণৰ দাবীত অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । One Rank One Pension ৰ বাবে অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে দিল্লীৰ যন্তৰ-মন্তৰত ৪৫ দিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে (Ex-Army officers protest in Nagaon) ।
প্ৰথম পে' পেঞ্চনৰ সকলো সুবিধা সেনা বিষয়াসকলে লৈ আছে । প্ৰথম পে' কমিছনৰ পৰা ধৰি সপ্তম পে' কমিছনসমূহৰ ভিতৰত কেৱল মাত্ৰ ১% কমিছনহে প্ৰাক্তন সেনা বিষয়াসকলে লাভ কৰিছে বুলি মন্তব্য আগবঢ়াই প্ৰাক্তন সেনা বিষয়া হেমন্ত দেউৰীয়ে । প্ৰতিবাদী প্ৰাক্তন সেনা বিষয়াসকলে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ (Ex-army officer sends memorandum to President) । লগতে পঢ়ক:ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ