অসম

assam

দিহিং নৈৰ টাপুত উচ্ছেদ অভিযান

ETV Bharat / videos

Eviction in Tinsukia : দিহিং নৈৰ টাপুত উচ্ছেদ অভিযান, ৰাইজৰ মাজত চৰম উত্তেজনা - নামফাই সংৰক্ষিত বনাঞ্চল

By

Published : Jun 17, 2023, 7:53 AM IST

তিনিচুকীয়া, 17 জুন :অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা অব্যাহত ৰখা হৈছে উচ্ছেদ অভিযান ৷1999 চনতে তিনিচুকীয়া জিলাৰ জাগুন নামফাই বনাঞ্চলত অসম চৰকাৰে ভালেসংখ্যক বান বিধ্বস্ত লোকক এক বিঘাকৈ ভূমি প্ৰদান কৰি সংস্থাপিত কৰিছিল । নামফাই অৰুণোদয় সোণোৱাল গাঁও নামেৰে এইসকলৰ অধিকাংশই জীৱিকাৰ সন্ধানৰ বাবে নামফাই সংৰক্ষিত বনাঞ্চলখনৰ কাষতে লাগি থকা দিহিং নৈৰ এটা দ্বীপত (টাপু) শালি খেতিৰ লগতে ৰবি শস্য খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছিল । শুকুৰবাৰে আকস্মিকভাৱে বন বিভাগ তথা প্ৰশাসনে এইসকল লোকক উচ্ছেদ কৰাত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে চৰকাৰে লাইকাৰ মুঠ 109 টা পৰিয়ালক নামফাই টাপুত পুনৰসংস্থাপন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল । যোৱা বছৰত লাইকাৰ 48 টা পৰিয়ালক চৰকাৰে নামফাই টাপুত তিনি বিঘাকৈ মাটি আৱন্টন দিছিল । ইয়াৰ পিছত পুনৰ শুকুৰবাৰে টাপুৰ 61 টা পৰিয়ালক উচ্ছেদ চলাবলৈ উচ্ছেদস্থলীত উপস্থিত হয় প্ৰশাসনৰ এটা বৃহৎ দল । 

ইয়াৰ পিচতে উত্তপ্ত হৈ পৰে সোণোৱাল গাঁৱৰ ৰাইজ ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় যদিও যি কোনো সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্ৰকট । কাৰণ পূৰ্বৰে পৰা সোণোৱাল গাঁওবাসীয়ে জীৱন নিৰ্বাহ কৰি থকা টাপুৰ ভূমি অধিগ্ৰহণ কৰি লাইকাবাসীক সংস্থাপিত কৰিব বিচৰা বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে সোণোৱাল গাঁওবাসীয়ে ।

লগতে পঢ়ক :Doctor Less Hospital : চিকিৎসকৰ অভাৱত চিকিৎসা সেৱা বন্ধ

ABOUT THE AUTHOR

...view details