অসম

assam

চিৰাঙত বন বিভাগৰ উচ্ছেদ অভিযান

By

Published : Feb 7, 2023, 8:12 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Eviction drive in Chirang: চিৰাঙত উচ্ছেদ অভিযানৰ মাজতেই বন বিভাগক মুকলি প্ৰত্যাহ্বান বেদখলকাৰীৰ

চিৰাং, 7 ফেব্ৰুৱাৰী: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং সংৰক্ষিত কৰাইবাৰী আৰু অক্সিগুৰিত বন বিভাগৰ উচ্ছেদ অভিযান । মঙলবাৰে 95 ঘৰ বেদখলকাৰী লোকক উচ্ছেদ কৰে বন বিভাগে । বন বিভাগ আৰু এছএছবিয়ে যৌথভাৱে এই উচ্ছেদ অভিযান চলায় । কৰাইবাৰীত 30 টা ঘৰ আৰু অক্সিগুৰিত 65 টা ঘৰ উচ্ছেদ কৰে বন বিভাগে । উচ্ছেদিত লোকসকল সেই অঞ্চলৰে স্থানীয় বাসিন্দা বুলি জানিব পৰা গৈছে (Eviction drive in Chirang reserve forest) । 

আইপোৱালী, পাটাবাৰী আদি গাঁৱৰ পৰা আহি এই অঞ্চলত ব্যাপক হাৰত বনাঞ্চল ধ্বংশ কৰি ঘৰ সাজি থাকিবলৈ লোৱা বুলি উল্লেখ কৰে তেওঁলোকে ।বন বিভাগৰ পৰা জনোৱা মতে, পূৰ্বেও এই অঞ্চলত চাৰিবাৰকৈ উচ্ছেদ চলোৱা হৈছিল (Eviction drive in Chirang) ৷ তাৰ পিচতো এই উচ্ছেদিত লোকসকলে পুনৰ ঘৰ সাজি থাকিবলৈ লয় । উচ্ছেদিত লোকসকলে দাবী কৰে যে, যি কৰিলেও, যিমান ভাঙিলেও তেওঁলোকে এই ঠাই এৰি নাযায় ৷ আকৌ ঘৰ সাজি তাতে বাস কৰিব । কৰাইবাৰীত উচ্ছেদৰ সময়ত এটা গণেশ মন্দিৰ আৰু এটা গীৰ্জাও ভাঙি পেলায় কৰে বন বিভাগে (Encroachment in Chirang reserve forest) । 

উল্লেখ্য যে, যোৱা 30 জানুৱাৰীতো চিৰাঙত চলিছিল বন বিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ৰিপু সংৰক্ষিত বনাঞ্চলত (Ripu reserve forest in Chirang) অবৈধভাৱে ভূমি দখল কৰি বাস কৰি থকা প্ৰায় 300 লোকৰ ঘৰ উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ বিটিচি প্ৰশাসনৰ নিৰ্দেশত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হৈছিল ৷ প্ৰায় 300 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উক্ত স্থানত মোতায়েন কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক (Eviction at Ripu reserve forest in Chirang) ৷ 

ভাৰত-ভূটান সীমান্তত থকা ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ খালবাৰী, ওদালগুৰি আদি অঞ্চলত বহুলোকে ভূমি বেদখল কৰি আহিছিল ৷ ইয়াৰ বিৰুদ্ধে অভিযান চলাই বুলড’জাৰ লগাই ভাঙি পেলোৱা হয় অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় 300 বাসগৃহ ৷ ইয়াৰ লগতে নষ্ট কৰা হয় শস্যৰ পথাৰো ৷ উচ্ছেদ কালত একাংশ পুৰুষ-মহিলাই প্ৰশানক বাধা প্ৰদানৰ চেষ্টা চলায় যদিও অভিযান অব্যাহত থাকে ৷ কিন্তু উচ্ছেদিত লোকসকলে পুনৰ সেই স্থানত ঘৰ নিৰ্মাণৰ হুংকাৰ দিয়ে বন বিভাগক ৷

লগতে পঢ়ক:Massive Eviction Drive in Chirang: ৰিপু সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details