Vineet Bagaria suicide case : গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ - Eviction at Baidullah Khan residence accused of Vineet suicide case
ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ লগত জড়িত বৈদুল্লা খানৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড'জাৰ (Eviction at Baidullah Khan residence)। প্ৰশাসনে ভাঙি পেলালে বৈদুল্লাৰ দুমহলীয়া অট্টালিকা । ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাত আছিল বাসগৃহটো । ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ আছিল বুলি জানিবলৈ দিছে প্ৰশাসনে । আনহাতে ঘৰটোৰ পৰাই বৈদুল্লা খানে বহু অপকৰ্ম চলাই গৈছিল বুলিও অভিযোগ উত্থাপন হৈছে । আৰক্ষী তথা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি স্থানীয় ৰাইজৰ । উল্লেখ্য যে বৈদুল্লা খানৰ লগতে আন কেইবাজনো ব্যক্তিৰ পৰা বহুদিন ধৰি মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাছত যোৱা ৭ জুলাইত বিনীত বাগাৰীয়াই আত্মহত্যা কৰিছিল (Vineet Bagaria Suicide Case)। মৃত্যুৰ পূৰ্বে বিনীতে কৰা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । আনকি মুখ্যমন্ত্ৰীও বিনীতৰ বাসগৃহত উপস্থিত হৈছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে বৈদুল্লাকে ধৰি আন এজনক লামডিং আৰক্ষীয়ে আটক কৰিছিল ।
Last Updated : Feb 3, 2023, 8:24 PM IST
TAGGED:
Vineet Bagaria Suicide Case