অসম

assam

হাঁড় কঁপোৱা শীতে প্ৰাণ কাঢ়িলে উচ্ছেদিতৰ

ETV Bharat / videos

হাঁড় কঁপোৱা শীতে প্ৰাণ কাঢ়িলে উচ্ছেদিতৰ - Eviction in Assam

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 1:48 PM IST

গোৱালপাৰা,১৩ জানুৱাৰী: গোৱালপাৰা পঞ্চৰত্নত চূড়ান্তভাৱে ভূ-লুণ্ঠিত মানৱতা । প্ৰচণ্ড হাঁড় কঁপোৱা শীত সহ্য কৰিব নোৱাৰি কৰুণ মৃত্যুক সাৱটিলে উচ্ছেদিত এগৰাকী লোকে । যোৱা বুধবাৰে গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত জিলা প্ৰশাসন আৰু বনবিভাগে উচ্ছেদ চলাইছিল । বনবিভাগৰ বুলড'জাৰে ধ্বংসস্তুপত পৰিণত কৰিছিল বহুতৰে কষ্টৰে গঢ়া আপোন ঘৰখন । আপোন ঘৰখন হেৰুৱাই জীয়াই থকাৰ উদ্দেশ্যেৰে বাছি লৈছিল ব্ৰহ্মপুত্ৰ নৈৰ পাৰ ।  

পুহমহীয়া হাঁড় কঁপোৱা শীতত নিজৰ কন কন লৰা-ছোৱালী লৈ নিশা মুকলি আকাশৰ তলত কটাইছিল উচ্ছেদিত লোকসকলে। চৰকাৰৰ উচ্ছেদ অভিযানত সৰ্বস্বান্ত হোৱা বায়াত আলী নামৰ লোকজনে শনিবাৰে পুৱাই নিজৰ এহাল গৰু পথাৰ এৰাঁল দি ঘৰমুৱা হোৱা অৱস্থাতে প্ৰাণ হেৰুৱাই । প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি কৰুণ মৃত্যুক সাৱটি লয় বায়াত আলীয়ে । বায়াত আলী মৃত্যুৰ পিছতে সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে । চৰকাৰ তথা প্ৰশাসনৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে দল-সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজে । 

লগতে পঢ়ক:ভূ-লুণ্ঠিত মানৱতা: হাঁড় কপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিত

ABOUT THE AUTHOR

...view details