অসম

assam

বন্দন-2023 শীৰ্ষক অনুষ্ঠান

By

Published : Jun 14, 2023, 2:22 PM IST

ETV Bharat / videos

Sadhana Kathak Kendra: সাধনা কথক কেন্দ্ৰৰ উদ্যোগত বন্দন-2023 শীৰ্ষক অনুষ্ঠান

গুৱাহাটী, ১8 জুন :সাধনা কথক কেন্দ্ৰৰ উদ্যোগত মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বন্দন ২০২৩ শীর্ষক শাস্ত্রীয় নৃত্য আৰু সংগীতৰ সমাৰোহ । সমাৰোহত অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ তবলা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ চন্দ্ৰ মিশ্ৰক গুৰু সুৰেন্দ্ৰ শ‍ইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । নৃত্যাচাৰ্য যতীন গোস্বামী আৰু কথক নৃত্যৰ গুৰু বিপুল দাসে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানটোত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰে উন্মোচন কৰে সাধনা কথক কেন্দ্ৰৰ স্মৰণিকা ।

সাধনা কথক কেন্দ্ৰৰ শিল্পীসকলে ভাস্কৰজ্যোতি ওজাৰ সংগীত পৰিচালনা তথা অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু চন্দ্ৰানী ওজাৰ নৃত্য নির্দেশনাত 'মণ্ঠন' শীর্ষক এখন বিশেষ নৃত্য নাটিকা পৰিৱেশন কৰে । অতিথি শিল্পী হিচাপে কলকাতাৰ যশস্বী শিল্পী ড° দেৱলদেৱ জানাই ভাৰত নাট্যম পৰিবেশন কৰে । আনহাতে, অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু চন্দ্ৰানী ওজাই গণেশ বন্দনা, সাধনা কথক কেন্দ্ৰৰ গুৱাহাটী আৰু নলবাৰীৰ শিল্পীসকলে নৃত্য প্রৱেশ কেন্দ্ৰৰ গুৱাহাটী শাখাৰ শিল্পীসকলে কৃষ্ণ বন্দনা আৰু টাৰানা পৰিৱেশন কৰে । 

উল্লেখ্য যে গুৰু চুৰেন্দ্ৰ শইকীয়াৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ২০১৬ চনৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় বন্দন শীৰ্ষক এই অনুষ্ঠানৰ ৷

লগতে পঢ়ক :Army Lieutenant Bishal Bora: যোৰহাটৰ ক্ষুদ্ৰ কৃষকৰ পুত্ৰ হ’লগৈ সেনাৰ লেফটেনেন্ট

ABOUT THE AUTHOR

...view details