অসম

assam

ইউচুফ মেম’ৰিয়েল ছ’চাইটিৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Aug 8, 2023, 8:51 PM IST

ETV Bharat / videos

Aid to meritorious student: দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ বাবে আগবাঢ়ি আহিল ইউচুফ মেম’ৰিয়েল ছ’চাইটি

ধিং, 8 আগষ্ট : নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এজনৰ MBBS পঢ়াৰ যাৱতীয় খৰছ বহন কৰিবলৈ আগবাঢ়ি আহিল ডাক্তৰ ফৰিদুল হুছেইনৰ ইউচুফ মেম’ৰিয়েল ছ’চাইটি ৷ ইউচুফ মেম’ৰিয়েল ছ’চাইটিৰ তৰফৰ পৰা কৃতী ছাত্ৰ মাৰুফ তালুকদাৰক এজন সুচিকিৎসক বনোৱাৰ বাবে সিদ্ধান্ত ডাক্তৰ ফৰিদুল হুছেইনৰ ।

যমুনামুখ অঞ্চলৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ মাৰুফ তালুকদাৰে আজমল চুপাৰ ফৰ্টিৰ পৰা নীট পৰীক্ষাত ৫৬৩ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচত মেডিকেল পঢ়িবলৈ নামভৰ্তি কৰাৰ বাবে ধন পোৱা নাছিল । হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকৰ ঘৰত । লিখা পঢ়াৰ জীৱনটো অথলে যাব নেকি এনে বিভিন্ন প্ৰশ্নই মাৰুফক দিশহাৰা কৰি তুলিছিল । পিতৃয়ে কাঠৰ দোকানত শ্ৰমিক হিচাপে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰে ।

অৱশেষত মাৰুফ তালুকদাৰৰ এনে দুৰ্দশাৰ খবৰ ইউচুফ মেম’ৰিয়েল ছ’চাইটিৰ মেনেজিং ডাইৰেক্টৰ তথা নগাঁও ডিউ কিয়াৰ হাস্পতালৰ স্বতাধিকাৰী বিশিষ্ট চিকিৎসক ডাক্তৰ ফৰিদুল হুছেইনে লাভ কৰে আৰু এই দুখীয়া কৃতী ছাত্ৰজনৰ কাষত থিয় দিয়ে । ইউচুফ মেম’ৰিয়েল ছ’চাইটিৰ তৰফৰ পৰা MBBS পঢ়াৰ শেষ পৰ্যন্ত যাৱতীয় খৰছ বহন কৰিবলৈ সিন্ধান্ত লয় তেওঁ ।

ডিফু মেডিকেল কলেজত MBBS পঢ়িবলৈ নামভৰ্তি কৰাৰ প্ৰথমটো খৰছ ৫১ হেজাৰ টকাৰ চেক মাৰুফৰ হাতত তুলি দিয়ে তেওঁ । দুখীয়া দৰিদ্ৰ ছাত্ৰজনৰ ডাক্তৰ হোৱাৰ সপোন পূৰণ কৰিবলৈ যাৱতীয় খৰছ বহন কৰিবলৈ আগবাঢ়ি অহা ডাক্তৰ ফৰিদুল হুছেইনৰ এই মহানুভৱতাই প্ৰকৃত মানৱ সেৱাৰ পৰিচয় দিছে । মাৰুফ তালুকদাৰে MBBS পঢ়াৰ শেষ পৰ্যন্ত ইউচুফ মেম’ৰিয়েল ছ’চাইটিৰ তৰফৰ পৰা যাৱতীয় খৰছ বহন কৰি যাব বুলি ডাক্তৰ ফৰিদুল হুছেইনে ৰাজহুৱাভাৱে প্ৰকাশ কৰে ।

লগতে পঢ়ক :Ajmal Super 40 : NEET ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষত চুপাৰ ৪০ৰ ছাত্ৰ

ABOUT THE AUTHOR

...view details