Narcotics cases 2022: শোণিতপুৰত ২০২২ত ৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ 116 জন
সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো 2022 বৰ্ষত অভিলেখ সংখ্যক নাৰক'টিক্সৰ গোচৰ ৰুজু হৈছে (Narcotics cases registered in Sonitpur) । শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে ইটিভি ভাৰতক জনায় যে ২০২২ বৰ্ষত জিলাখনত প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ, গাঞ্জা, হেৰ’ইন জব্দ কৰা হয় । 310.39 গ্ৰাম হেৰ’ইন, 435.943 কেজি গাঞ্জা, 100.43 গ্ৰাম অপীয়াম জব্দ কৰা হয় এই সময়চোৱাত (Drugs Case) । এইসমূহ মাৰাত্মক নিচাজাতীয় সামগ্ৰীৰ বজাৰ মূল্য 2 কোটি 53 লাখ 95 হাজাৰ 378 টকা । আনহাতে এই সন্দৰ্ভত মুঠ 110 টা গোচৰ ৰুজু হৈছে আৰু 116 জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । এই তথ্য 29 ডিচেম্বৰ লৈ সংগ্ৰহ কৰা হয় । জব্দকৃত নিচাজাতীয় দ্ৰব্যসমূহ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ইতিমধ্যেই জ্বলাই দিয়া হৈছে । ইফালে মুঠ 11 টা হেৰ’ইনৰ গোচৰ ৰুজু হৈছে, ইয়াৰ বিপৰীতে 12 টা গাঞ্জাৰ গোচৰ আৰু এটা মাত্ৰ অপিয়ামৰ গোচৰ ৰুজু হয় । আনহাতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বৰ্তমানলৈকে অধিক পৰিমাণৰ গাঞ্জা মুঠ 5,117 কেজি মূল্য 2,55,850 টকাৰ আৰু হেৰ’ইনৰ 85.59 গ্ৰাম বজাৰ মূল্য 17,01,180 টকাৰ সামগ্ৰী জব্দ কৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST