অসম

assam

Erosion of river Brahmaputra

ETV Bharat / videos

বৰআলিলৈ বৰলুইতৰ খহনীয়াৰ ভাবুকি; সমাধান বিচাৰি ৰাইজৰ প্ৰতিবাদ - erosion in Jorhat

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 6:32 PM IST

ডিব্ৰুগড়, 5 ডিচেম্বৰ:সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে নিমাতীঘাট ৷ কাৰণ নিমাতীৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য কামৰ বাবে আৱন্টন হৈছে কোটি কোটি টকা । কিন্তু কোটি কোটি টকা ব্যয় কৰিও আজিকোপতি নিমাতীঘাটৰ খহনীয়াৰ স্থায়ী সমাধান কৰিব পৰা নাই । নিমাতীঘাটৰ ১ নং বুলহেডৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মঙলবাৰে নিমাতীঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ধৰ্মঘটস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্তই কয় যে নিমাতীঘাটৰ ১নং বলহেডত ব্যাপক হাৰত খহনীয়া সৃষ্টি হৈছে ৷ এইদৰে যদি খহনীয়া হৈ থাকে তেতিয়া হ’লে বৃহত্তৰ নিমাতী অঞ্চলৰ লগতে যোৰহাট নগৰলৈ তীব্ৰ ভাবুকি আহিব ।লগতে ১ নং বলহেডৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা ধন একাংশ ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ লোকে হৰলুকি কৰাৰো গুৰতৰ অভিযোগ উথাপিত হৈছে ।

উল্লেখ্য যে বছৰ বছৰ ধৰি ১নং বলহেড খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে পুঁজি আৱন্টন দি আহিছে যদিও ইয়াৰ স্থায়ী সমাধান আজিকোপতি হোৱা নাই । খহনীয়াৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা নোলোৱাৰ ফলত যোৰহাট নগৰৰ ৰক্ষা কৱচ বৰআলিলৈ তীব্ৰ ভাবুকি আহি পৰিছে ।

লগতে পঢ়ক:কটাহবাৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details