অসম

assam

ডিব্ৰু নদীৰ ভয়ংকৰ খহনীয়া

ETV Bharat / videos

Massive Erosion in Dibrugarh : ভয়ংকৰ খহনীয়াৰ কবলত ডিব্ৰুগড়ৰ দিনজান চাহ বাগিচা - ডিব্ৰু নদীৰ ভয়ংকৰ খহনীয়া

By

Published : Aug 5, 2023, 3:49 PM IST

ডিব্ৰুগড়, 5 আগষ্ট : ডিব্ৰু নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে ডিব্ৰুগড়ৰ দিনজান চাহ বাগিচাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া বহু কেইটা অঞ্চল ৷ বহু বছৰৰ পৰা দিনজানত ডিব্ৰু নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈ আহিছে যদিও বিগত মাহত ধাৰাবাহিক বৰষুণ হোৱাৰ পাছেই চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনজান চাহ বাগিচা ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে ৷ লগতে দিনজান চাহ বাগিচাৰ সমীপৰ খামতি গোৱালিকে ধৰি প্ৰধানকৈ ভাৰতীয় সেনাৰ দিনজানস্থিত চাউনীৰ দিশে ডিব্ৰু নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷

ইতিমধ্যে বহু হেক্টৰ ভূমি খহনীয়াত জাহ যোৱাৰ লগতে চাহ বাগিচাৰ ভূমি সংকোচন ঘটিছে ৷ এই অঞ্চল সমূহত বছৰ বছৰ ধৰি খহনীয়া হৈ আহিছে যদিও গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷  

আগন্তুক বিধানসভা অধিৱেশনত স্থানীয় বিধায়ক পোনাকণ বৰুৱাক বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷ লগতে শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'বলৈ দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই ৷

লগতে পঢ়ক :Flood effect in Delhi: বানাক্ৰান্ত এলেকাৰ পৰা 25,478 জন লোকক নিৰাপদে উদ্ধাৰ

ABOUT THE AUTHOR

...view details