অসম

assam

বিহপুৰীয়াত উজাগৰী নিশা কটাইছে নৈপৰীয়া ৰাইজে

By

Published : Jul 24, 2023, 4:41 PM IST

ETV Bharat / videos

Erosion in Bihpuria:বিহপুৰীয়াত উজাগৰী নিশা যাপন নৈপৰীয়া ৰাইজৰ

বিহপুৰীয়া,24 জুলাই: বানৰ পাচত উত্তৰ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰাখহনীয়া ৷ বিশেষকৈ জিলাখনৰ বিহপুৰীয়াত ডিক্ৰং নৈ লৈছে ভয়ংকৰ ৰূপ ৷ বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বদতি জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং দহঘৰীয়াত ডিক্ৰং নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । 

শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা নদীখনৰ খহনীয়াই মধুপুৰ-দহঘৰীয়া সংযোগী বান প্ৰতিৰোধী মথাউৰিটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷ ডিক্ৰং নদীৰ খহনীয়াত জাহ গৈছে শ শ কৃষিভূমি ৷ নদীখনে গতিপথ সলনি কৰাৰ আশংকাত ভুগিছে দহখনকৈ গাঁৱৰ ৰাইজ ৷ আনহাতে শেহতীয়াকৈ অঞ্চলটোত জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা হাতত লৈছে যদিও প্ৰতিৰোধ কৰিব পৰা নাই খহনীয়া ৷ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক পুনৰ অনুৰোধ কৰিছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক:Artificial flood in Lakhimpur: কৃত্ৰিম বানত ডুব গ’ল লখিমপুৰৰ 40 খন গাঁও; প্ৰভাৱিত কেইবাহেজাৰ বিঘা শস্য ক্ষেত্ৰ 

ABOUT THE AUTHOR

...view details