অসম

assam

ETV Bharat / videos

Erosion at Kabu Sapori : জোনাইৰ কবু চাপৰি অব্যাহত চিয়াঙৰ ভয়াৱহ খহনীয়া

By

Published : Jan 12, 2023, 10:41 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

এদিন-দুদিন কৰি নিঃশেষ হোৱাৰ পথত জোনাইৰ কবু চাপৰি (Erosion at Kabu Sapori) ৷ কিয়নো অসমৰ অন্যতম নদীদ্বীপ জোনাইৰ কবু চাপৰিত এতিয়াও অব্যাহত আছে গৰাখহনীয়া (Erosion at Jonai Kabu Sapori) ৷ চিয়াং আৰু নিউ চিয়াং নামৰ নৈ দুখনৰ প্ৰৱল খহনীয়াত আজি অস্তিত্বৰ সংকটত পৰিছে নদীদ্বীপ কবু চাপৰি ৷

বিগত কেবাবছৰ ধৰি পৰা কবু চাপৰিত বৃদ্ধি পাইছে চিয়াঙৰ ভয়াৱহ বান-খহনীয়া ৷ এই বান-খহনীয়াৰ ফলত ঘৰ-বাৰী, শ শ হেক্টৰ কৃষি ভূমি, চৰকাৰী কাৰ্যালয় আদি সকলো নদীৰ বুকুত বিলীন হ’ব ধৰিছে ৷ বান আৰু খহনীয়াত সৰ্বস্ব হেৰুৱাই ইতিমধ্যে কবু চাপিৰ এৰি ঢাপলি মেলিছে অন্য স্থানলৈ ৷

চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত হয়তো অহা দুই তিনিবছৰৰ পিচত কবু চাপৰি সম্পূৰ্ণ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব ৷ কবু চাপৰিবাসীৰ আক্ষেপ চৰকাৰে চিয়াঙৰ খহনীয়া ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details