NSS Plastic Collection Programme: NSS ৰ উদ্য়োগত প্লাষ্টিক সংগ্ৰহ আৰু পৰিৱেশ নিকাকৰণ কাৰ্যসূচী - Clearance Programme in initiative of NSS
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ NSS ৰ দ্বাৰা ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে যি প্লাষ্টিক সংগ্ৰহ(NSS Plastic Collection Programme) আৰু পৰিবেশ নিকাকৰণ কায্যসূচী গ্ৰহণ কৰা হৈছে তাৰ অংশস্বৰূপে পূৱ মাজুলী মহাবিদ্যালয়ৰ NSS গোটে বনগাঁও চাৰিআলিত আৰু বনগাঁও ৰঙ্গমঞ্চত প্লাষ্টিক সংগ্ৰহ আৰু পৰিৱেশ নিকাকৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰে । পুৱ মাজুলী মহাবিদ্যালয়ৰ এই গোটে ইয়াৰ পূৰ্বেও যোৱা ২২ অক্টোবৰ তাৰিখে ৰাৱনাপাৰত একেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে(Environmental Clearance Programme in initiative of NSS) । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ প্ৰায় ৫০ তকৈও অধিক "ৰাষ্ট্ৰীয় সেৱা আচনি" ৰ সদস্য-সদস্যাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক সূৰ্য্য কুমাৰ দলে, দিলীপ বৰুৱা আৰু অনুপ কুমাৰ বৰা উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:30 PM IST