অসম

assam

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংন্থা

ETV Bharat / videos

NPS Employee Protest: NPS বাতিলৰ দাবীত কৰ্মচাৰীৰ প্ৰতিবাদত অচল যোৰহাট

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:49 PM IST

যোৰহাট, ২৩ আগষ্ট :মঙলবাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পিচত আজি পুনৰ যোৰহাট পূৱ আৰু পশ্চিম ৰাজহ চক্ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । 

নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত দুদিনীয়াকৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সকলৰ দাৱী সম্বলিত সমস্যাসমূহ যেতিয়ালকৈ সমাধান নকৰে সেই পৰ্যন্ত উক্ত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে ।

প্ৰতিবাদকাৰীসকলে ২০০৫ চনৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰা ব্যৱস্থাটোৱে কৰ্মচাৰীসকলৰ অৱসৰী জীৱন সুনিশ্চিত কৰাৰ বিপৰীতে ভৱিষ্যত লৈ ঘোৰ কাল অমানিশা কঢ়িয়াই আনিব বুলি কয় । নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰিলেহে কৰ্মচাৰী সকলৰ ভৱিষ্যত জীৱন তেতিয়াহে সুনিশ্চিত হ'ব বুলি কয় । 

উল্লেখ্য় যে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ চৰকাৰী কৰ্মচাৰীসকলে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজি পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই । 

লগতে পঢ়ক:NPS Employee Protest: কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ

ABOUT THE AUTHOR

...view details