অসম

assam

কৃষি বিপণন পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

ETV Bharat / videos

Protest for Salary: 11 মাহে দৰমহা নাই কৃষি বিপণন পৰিষদৰ আঠ শতাধিক বিষয়া-কৰ্মচাৰীৰ - কৃষি বিপণন পৰিষদ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:31 PM IST

গুৱাহাটী, 1 ছেপ্টেম্বৰ : বিগত 11 মাহে দৰমহা পোৱা নাই অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিপণন পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলে চৰকাৰৰ এই বঞ্চনা আৰু শোষণৰ বিৰুদ্ধে গুৱাহাটীৰ কৃষি বিপণন পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷  

এই সন্দৰ্ভত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ দত্তই কয় যে, 11 মাহ ধৰি কৃষি বিপণন পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলে দৰমহা পোৱা নাই ৷ যাৰ বাবে কৃষি বিপণন পৰিষদৰ 800 গৰাকী বিষয়া-কৰ্মচাৰীৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷  

বিগত 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলে মাহিলী দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৷ তেওঁ কয় যে বিষয়া-কৰ্মচাৰীসকলে উপায়ন্তৰ হৈ আজিৰ এই শান্তিপূর্ণ আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হৈছে ৷ 

লগতে পঢ়ক :Assam Cash for Job Scam: অসম চৰকাৰৰ নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ দাবীত আপৰ উত্তাল প্ৰতিবাদ 

ABOUT THE AUTHOR

...view details