অসম

assam

মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মথাউৰি

ETV Bharat / videos

Embankment collapses in Mangaldoi: মঙলদৈ কমাৰপাৰাত পুনৰ ছিগিল নোৱানদীৰ মথাউৰি - মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:16 PM IST

দৰঙ,২৪ আগষ্ট:পুনৰ ছিগিল মঙলদৈ কমাৰপাৰাত নোৱানদীৰ মথাউৰি । মথাউৰি চিঙি কমাৰপাৰা, গোসাঁইগাঁও, কপালিবস্তি, মোৱামাৰীকে ধৰি কেইবাখনো গাঁও প্লাৱিত হৈছে । উল্লেখ্য যে, মাত্ৰ এমাহ পূৰ্বে এই স্থানতে ছিগিছিল মথাউৰিটো । সেই সময়ত পৰিদৰ্শন কৰিছিল জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনে ।  

ইয়াৰ পাছত পুনৰ নিৰ্মাণ কৰিছিল ছিগি যোৱা মথাউৰিটো । ফলত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা লাভ কৰিছিল স্থানীয় ৰাইজে । কিন্তু বুধবাৰে নিশা পুনৰ একেটা স্থানতে মথাউৰিটো ছিগি যোৱাত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাম নিম্ন মানৰ হোৱা হেতুকে বাৰে বাৰে একেটা স্থানতে মথাউৰিটো ছিগি যায় । মঙলদৈ জল সম্পদ বিভাগে ৩০ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল মথাউৰিটো । অতি সোনকালেই এই মথাউৰিটো পুনৰ নিৰ্মাণ কৰিব নোৱাৰিলে অধিক অঞ্চল জলমগ্ন হৈ পৰাৰ আশংকা কৰিছে । 

লগতে পঢ়ক:Pabitra Margherita to Gaurav Gogoi: হিন্দী অথবা ভাল ইংৰাজী ক’লেই ভাল নেতা বা সমাজকৰ্মী হ’ব নোৱাৰে; পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details