অসম

assam

ভদীয়া বানৰ কৱলত পৰিছে এতিয়া ৰাজ্য

ETV Bharat / videos

Embankment collapsed: ছিপাঝাৰত ননৈয়ে ছিঙিলে মথাউৰি - ভদীয়া বানৰ কৱলত পৰিছে এতিয়া ৰাজ্য

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 12:32 PM IST

দৰং, 29 আগষ্ট :ভদীয়া বানৰ কৱলত পৰিছে এতিয়া ৰাজ্য ৷ বুৰ গৈছে ইখনৰ পাচত সিখন গাঁও ৷ এই বানৰ ফলত বন্যাৰ্তৰ লগতে খাদ্যৰ অভাৱ ঘটিছে পশুধনৰ ৷ এইবোৰৰ মাজতে ছিপাঝাৰত সোমবাৰে নিশা ননৈ নদীয়ে ছিগিলে মথাউৰি । ফলত প্লাৱিত হ’ল দৰঙৰ 50 খনকৈ গাঁও ৷ এই বানত ত্ৰস্তমান পৰিছে নৈ পৰীয়া ৰাইজ ।

তথ্য অনুসৰি, ছিপাঝাৰৰ ‘জনসেৱাত’ পশ্চিম পাৰৰ মথাউৰি ছিঙিলে ননৈ নদীৰ বাঢ়নী পানীয়ে । ফলত এই বাঢ়নী পানীয়ে বুৰ গৈছে ইখনৰ পৰা সিখন গাঁও । ঘৰ-বাৰী এৰি এতিয়া নিৰাপদ আশ্ৰয় বিচাৰি ওখ ঠাই স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই । SDRF আৰু NDRF বাহিনীয়ে ননৈ পৰীয়া তথা বানপীড়িত ৰাইজক উদ্ধাৰৰ বাবে চলাই আছে অভিযান ৷

উল্লেখ্য যে, জলসম্পদ বিভাগে কেবা কোটি টকাৰে ননৈ নদীৰ মথাউৰি নিৰ্মাণ কৰিছিল যদিও কেনেকৈ মথাউৰিটো ছিগিল তাক লৈ ৰাইজে প্ৰশ্ন কৰিছে ৷ স্থানীয় লোকে অভিযোগ মতে, বালিমাটিৰে নিৰ্মাণ কৰিছিল উক্ত মথাউৰিটো ৷ যাৰ ফলতে সোমবাৰে ছিগি যায় উক্ত মথাউৰিটো ৷

লগতে পঢ়ক :Embankment collapses in Mangaldoi: মঙলদৈ কমাৰপাৰাত পুনৰ ছিগিল নোৱানদীৰ মথাউৰি

ABOUT THE AUTHOR

...view details