অসম

assam

আমচিং যোৰাবাটত উপদ্ৰপ চলালে বনৰীয়া হাতীয়ে

ETV Bharat / videos

Elephant terror in Jorabat: যোৰাবাটত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও ঘৰ - Man Elephant conflict in Assam

By

Published : Feb 5, 2023, 6:26 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

গুৱাহাটী,৫ ফেব্ৰুৱাৰী: ৰাজ্য়খনত বন্য়হস্তী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Man Elephant conflict in Assam)। বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই ধন-জনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । খাদ্যৰ সন্ধানতে বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । বাদ পৰি যোৱা নাই গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহো । ইয়াৰ মাজতেই আমচিং যোৰাবাট অঞ্চলত পুনৰ উপদ্ৰৱ চলালে বনৰীয়া হাতীয়ে (Elephant terror in Jorabat) ।

জিলা প্ৰশাসন আৰু বন বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ স্বাৰ্থলোভী লোকে অবাধে বনাঞ্চল ধ্বংস কৰাৰ পৰিণতিতে শেহতীয়াভাৱে মহানগৰীৰ ঠায়ে ঠায়ে বন্য জীৱ-জন্তুৱে বিচৰণ কৰাৰ লগতে সা-সম্পত্তি নষ্ট কৰিছে । শেহতীয়াভাৱে পাঞ্জাবাৰী, সাতগাঁও আদি অঞ্চলত আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে তাণ্ডব সৃষ্টি কৰাৰ সময়তে শনিবাৰে পুৱতি নিশা আমচিং যোৰাবাট অঞ্চলত পুনৰ উপদ্ৰৱ চলাই এটা বন্যহস্তীয়ে । স্বাভাবিকতে নিশাৰ ভাগত প্ৰবেশ ঘটা বন্যহস্তীটোৰ আগমনক কেন্দ্ৰ কৰি অঞ্চলটোৰ আতংকময় পৰিৱেশৰ সৃস্টি হয় ।  

বন্যহস্তীটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ তথা গছ -গছনি ভাঙি তাণ্ডব চলায় । আনকি হাতীটোক খেদি পঠিয়াবলৈ অহা স্থানীয় লোককো আক্ৰমণৰ চেষ্টা চলায় । বন্যহস্তীৰ উপদ্ৰৱত কোনো লোক হতাহত হোৱা নাই । মাজ নিশাৰ পৰা পুৱতি নিশালৈ এনেদৰে বন্য হস্তীটোৱে কেইবাঘণ্টা ধৰি অঞ্চলটোত বিচৰণ কৰাৰ পিছত অৱশেষত স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে । ইয়াৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত  উপস্থিত হৈ হাতীটোক পুনৰ জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হয় । মন কৰিবলগীয়া কথা এই যে আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে প্ৰায়ে সাতগাঁও,পাঞ্জাবাৰী, আমচিং যোৰাবাট আদি অঞ্চলত তাণ্ডব চলাই আহিছে (Amchang Wildlife Sanctuary)। ইয়াৰ পিছতো নীৰৱ হৈ আছে বন বিভাগ । 

লগতে পঢ়ক:Gymnast Deepa Karmakar banned by the ITA : আপত্তিজনক দ্ৰব্য সেৱনৰ বাবে নিলম্বিত হ’ল জিমনাষ্ট দীপা কৰ্মকাৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

...view details