অসম

assam

বুঢ়াচাপৰি অভয়াৰণ্যত হাতী চাফাৰী মুকলি

ETV Bharat / videos

Burhachapori Sanctuary: বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰথমবাৰলৈ হাতী চাফাৰী মুকলি - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:20 PM IST

চামগুৰি, 16 নৱেম্বৰ : বুঢ়াচাপৰি অভয়াৰণ্যত বৃহস্পতিবাৰৰ পৰা প্ৰথমবাৰৰ বাবে মুকলি কৰা হ’ল হাতী চাফাৰী । হাতী চাফাৰী মুকলি কৰি উৎফুল্লিত হৈ পৰিছে বুঢ়াচাপৰি অভয়াৰণ্যৰ কৰ্মচাৰীসকল ৷ বন-বিভাগে আশা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে বুঢ়াচাপৰি অভয়াৰণ্যতো ল’ব প্ৰকৃতিৰ সোৱাদ, লগতে উপভোগ কৰিব প্ৰথমবাৰৰ বাবে মুকলি কৰা হাতী চাফাৰী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে মুকলি কৰে হাতী চাফাৰী । বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদৰ পিচত প্ৰথমবাৰৰ বাবে ফিটাকাটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় হাতী চাফাৰী । অভয়াৰণ্যখনক পৰ্যটকৰ বাবে পূৰ্ণাংগ ৰূপ দিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে বন-বিভাগে । কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত অন্তৰ্ভূক্ত হোৱাৰ পিচৰে পৰা বুঢ়াচাপৰি অভয়াৰণ্যখনক নতুন ৰূপ দিবলৈ চেষ্টা চলাই আহিছে বন বিভাগে । পৰ্যটকৰ বাবে প্ৰয়োজনী সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব বুলি বুঢ়াচাপৰি বন্যপ্ৰাণী কর্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Nameri National Park:নামেৰীৰ লগত সংযোগ হ’ব ওৰাং-সোণাই-ৰূপাই

ABOUT THE AUTHOR

...view details