অসম

assam

ৰঙাপৰাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:51 PM IST

ETV Bharat / videos

Man Elephant conflict: ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

ৰঙাপৰা, ২৩ আগষ্ট:শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ । বিশেষকৈ ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । বেলি ডুবাৰ পিছতে ৰঙাপৰাত আৰম্ভ হয় বনৰীয়া হাতীৰ উপদ্ৰৱ । বন্য হস্তীয়ে ৰাইজৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে ।  

মঙলবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে চেঁচা চাহ বাগিচাৰ পৰিচালকৰ গৃহৰ কাষতে থকা গণেশ গোচাইৰ বাসগৃহটোৰ এখন পকীবেৰ ভাঙি পেলায় । বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালটো । বনৰীয়া হাতীয়ে পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যদিও পৰিয়ালটো নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ সক্ষম হয় ।  

ইফালে,বনৰীয়া হাতী দুটাই চেঁচা চাহ বাগিচাৰ ১২ নং লাইনৰ চনিকা মুণ্ডাৰ বাসগৃহটোৰ ক্ষতিসাধন কৰে । নিশা প্ৰায় দুঘন্টা ধৰি বন্যহস্তী দুটাই সন্ত্ৰাস চলায় । অৱশেষত ৰাইজে বন্যহস্তী দুটাক চাহ বাগিচাখনৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:Sudarshan Theater: তিনিখনকৈ জনপ্ৰিয় নাটকেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে সুদৰ্শন থিয়েটাৰ

ABOUT THE AUTHOR

...view details